ডিজিটেল সংবাদ, বৰপেটাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ সময়ৰ পৰাই প্ৰৱৰ্তিত হৈ থকা বৰপেটাৰ ইতিহাস সম্বৃদ্ধ কমাৰ শিল্পই আজি প্ৰায় মৃত অৱস্থা লৈ গতি কৰিছে। মৃত্যুৰ সৈতে যুঁজ কৰি কৰি তীব্ৰ প্ৰত্যাহ্বানৰ সম্মুখীন হোৱা বৰপেটা তথা সমগ্ৰ অসমৰ এক সাংস্কৃতিক আৰু অৰ্থনৈতিক ঐতিহ্য কমাৰ শিল্প আজি লুপ্ত হোৱাৰ পথত।
অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে এক বিবৃতি যোগে প্ৰকাশ কৰা অনুসৰি, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে বৰপেটাত সত্ৰ স্থাপন কৰাৰ সময়তে বৰপেটাৰ সমীপৰ বামুণা গাঁওৰ হৰিহৰ নামেৰে নামাংকিত কমাৰ শিল্পৰ এগৰাকী অতি দক্ষ শিল্পী তথা কাৰিকৰক বৰপেটা সত্ৰ লৈ আমন্ত্ৰণ কৰি আনি এই শিল্পটোৰ সৰ্বাংগীন বিকাশৰ লগত জড়িত কৰি বৰপেটা অঞ্চলৰ অৰ্থনৈতিক পৰিকাঠামো শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল।
গুৰু দুজনাৰ আদৰ্শক সন্মান জনাই শিল্পীগৰাকী আৰু তেওঁৰ উত্তৰসুৰীসকলে এই শিল্পটোৰ লগত জড়িত হৈ পৰিছিল। যাৰ বাবে বৰপেটা অঞ্চলৰ এক বিশাল জনসাধাৰণ অৰ্থনৈতিকভাৱে লাভাম্বিত হৈছিল। অতি সম্প্ৰতি বিভিন্ন আৰ্থসামাজিক কাৰণত এই শিল্পটোৰ লগত জড়িত লোকসকল এই পৰম্পৰাগত শিল্পটোৰ পৰা আঁতৰি আহিবলগীয়া হৈছে।
ফলত শিল্পটোৱে প্ৰতিদিনে মৃত্যু ঘণ্টাৰ শব্দ শুনি থাকিবলগীয়া হৈছে। বৰ্তমানে হৰিহৰ নামৰ শিল্পীগৰাকীৰ বংশৰ মাত্ৰ দুটা পৰিয়ালেহে এই শিল্পটোৰ ঐতিহ্যক জীয়াই ৰখাৰ বাবে কঠোৰ সংগ্ৰামত ব্ৰতী হ'ব লগা হৈছে। এই শিল্পৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ত লৈ ৰপ্তানি কৰাৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো কঠোৰ আৰু অক্লান্ত পৰিশ্ৰমৰ মাজেৰে জীয়াই ৰখা এই শিল্পটোৰ উত্তৰণৰ ক্ষেত্ৰত চৰকাৰ তথা বৰপেটা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত বৰপেটা অঞ্চলৰ এক অন্যতম সাংস্কৃতিক ঐতিহ্য আজি লুপ্ত হোৱাৰ পথত।
চৰকাৰে সময় থাকোঁতেই এই শিল্পটো জীয়াই ৰখাৰ ক্ষেত্ৰত তৎকালীনভাৱে উপযুক্ত পৃষ্ঠপোষকত আগনবঢ়ালে গুৰু দুজনাই প্ৰতিষ্ঠা কৰি যোৱা এক ঐতিহাসিক সমল অসমৰ জাতীয় জীৱনৰ বুৰঞ্জীৰ পাতৰ পৰা চিৰদিনৰ বাবে হেৰাই হোৱাৰ বাট প্ৰশস্ত হোৱাৰ লগতে এক অৰ্থনৈতিক শূণ্যতাৰ সৃষ্টি কৰি দুৰ্দান্ত সাহসেৰে শিল্পটোক জীয়াই ৰাখিবলৈ যুঁজ কৰি অহা লোকসকলৰ জীৱন আৰু জীৱিকা লৈও চৰম ভাবুকি নামি আহিব।
অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডল সমিতিয়ে গুৰু দুজনাৰ স্মৃতি আৰু ঐতিহ্য বিজৰিত অসমীয়া জাতীয় জীৱনৰ এই আপুৰুগীয়া কমাৰ শিল্পটোক জীয়াই ৰখাৰ ক্ষেত্ৰত এক সৱল পদক্ষেপ গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।