ডিজিটেল সংবাদ, বেবেজীয়া : অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদত বাৰপূজীয়া আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বুধবাৰে দিনৰ ১১-৩০ বজাত বাৰপূজীয়া তিনিআলিত অসমৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্ত্তি দাহ কৰে সংগঠনৰ কৰ্মীসকলে।
উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ, বাৰপূজীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বৰা, সম্পাদক ত্ৰিদিপ কুমাৰ নাথকে আদি কৰি অৰ্ধ শতাধিক ছাত্ৰ কৰ্মীয়ে।