বাসুগাঁৱত ভগা-ছিগা সামগ্ৰীৰ ক্ৰেতাৰ ৰূপত দুই গভাইত চোৰ

বাসুগাঁৱত ভগা-ছিগা সামগ্ৰীৰ ক্ৰেতাৰ ৰূপত দুই গভাইত চোৰ
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং: আপোনালোকৰ ঘৰৰ পুৰণি তথা পেলনীয়া ভগাছিগা সামগ্ৰী ক্ৰয় কৰাৰ ছলেৰে আপোনাৰ ঘৰত কোনো অচিনাকী লোক আহে নেকি ? যদি আহে তেনেহলে তেওঁলোকৰ পৰা আপুনি সাৱধান হ'বৰ হ'ল ! কিয়নো সোমবাৰে চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ভুটিয়াপাৰাত এঘৰত পেলনীয়া ভগাছিগা সামগ্ৰী ক্ৰয় কৰাৰ ছলেৰে অহা দুই চোৰে চুৰিকাণ্ডৰ ঘটনা সংঘটিত কৰিছে।

জানিব পৰা মতে বিয়লিৰ ভাগত ভগাছিগা ই-ৰিক্সা লৈ দুই অচিনাক্ত যুৱক গৃহস্থৰ ঘৰত প্ৰৱেশ কৰে। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ বাৰাণ্ডাত ৰাখি থোৱা এটা ই-ৰিক্সাৰ বেটাৰী চুৰি কৰিবলৈ লওঁতেই গৃহস্থই হাতেলোটে ধৰা পেলায়। কিন্তু চোৰ দুজনে গৃহস্থৰ কবলৰ পৰা পলায়ন কৰাৰ সময়ত চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া লোক চোৰ দুজনক খেদি খেদি আটক কৰি উত্তম মাধ্যম দিয়ে। ইপিনে পৰিস্থিতি অধিক অৱনমিত হোৱাৰ আগতেই স্থানীয় লোকে বাসুগাঁও থানাৰ আৰক্ষীক খবৰ দিয়ে।

খবৰ লাভ কৰি আৰক্ষীৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ ৰোষৰ পৰা চোৰ দুজনক উদ্ধাৰ কৰি থানাত লৈ যায়। ধৃত পুৰণি পেলনীয়া,ভগাছিগা সামগ্ৰী কিনোতা ৰূপী চোৰ দুজনক ধুবুৰী জিলাৰ কুন্টিন চৰৰ মনু মণ্ডলৰ পুতেক আৰিফ আলী (২৭) আৰু দক্ষিণ শালমাৰা জিলাৰ চানমণি চৰৰ আব্দুল আজিজৰ পুতেক আনোৱাৰ হুছেইন (৩২) বুলি চিনাক্ত কৰা হয়। আৰক্ষীয়ে ধৃত চোৰ দুজনৰ কবলৰ পৰা এটা ই-ৰিক্সা, চুৰি কৰা ই-ৰিক্সাৰ বেটাৰী সহ অন্যান্য সামগ্ৰী জব্দ কৰে।

স্থানীয় ৰাইজৰ অভিযোগ ভুটিয়াপাৰাৰ শিঙিমাৰী দলঙৰ কাষত ধুবুৰী জিলাৰ পৰা এজন ব্যক্তি আহি এটা পুৰণি, পেলনীয়া লোহা লক্কৰ তথা ভগাছিগা সামগ্ৰীৰ গুদাম স্থাপন কৰি ধুবুৰী জিলাৰ পৰাই একাংশ সন্দেহজনক লোকক আনি তেওঁলোকৰ জৰিয়তে বাসুগাঁও চহৰ তথা পাৰ্শ্বৱৰ্তী এলেকাত পুৰণি পেলনীয়া লোহা লক্কৰ ক্ৰয় কৰাৰ কামত নিয়োগ কৰে। আজি যি দুজন চোৰক ৰাইজে হাতেলোটে ধৰা পেলাইছে সেই দুজন চোৰ উক্ত গুদামৰ পৰাই নিয়োজিত কৰা বুলি অভিযোগ উত্থাপন কৰে।

এইক্ষেত্ৰত আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি বহু অপৰাধী ভিন্ন জিলাৰ পৰা আহি চিৰাং জিলাত অপৰাধমূলক কাৰ্য্য সম্পাদন কৰি আছে। লক্ষ্যণীয় বিষয় যোৱা কিছুদিনৰ পৰা বাসুগাঁও অঞ্চলৰ বিভিন্ন পথৰ পৰা ছাগলী, গোহালীৰ পৰা গৰু চুৰি কৰাৰ দৰে ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনেধৰনৰ ঘটনা আগলৈ যাতে সংঘটিত নহয় তাৰ বাবে আৰক্ষীয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীলৈ ৰাইজৰ ফালৰ পৰা আহ্বান জনোৱা হয় ।

বাসুগাঁৱত ভগা-ছিগা সামগ্ৰীৰ ক্ৰেতাৰ ৰূপত দুই গভাইত চোৰ
ৰাজেন দাসৰ 'আইৰন গাৰ্লছ'লৈ বিচাৰকৰ বিশেষ সন্মান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in