সংস্কৃত ভাৰতীৰ মহৰ্ষি বাল্মিকী জয়ন্তী উদযাপন...

সংস্কৃত ভাৰতীৰ মহৰ্ষি বাল্মিকী জয়ন্তী উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সংস্কৃত ভাৰতী, ৰহা খণ্ডৰ উদ্যোগত আজি মহৰ্ষি বাল্মিকী জয়ন্তী উদযাপন কৰা হয়। উক্ত অনুষ্ঠান ভাগ বন্তি প্ৰজ্বলনৰ দ্বাৰা শুভ উদ্বোধন কৰে বিশ্ব হিন্দু পৰিষদ নগাঁও জিলাৰ সম্পাদক পাৰ্থজিৎ দাসে। লগতে উপস্থিত থাকে সংস্কৃত ভাৰতী উত্তৰ অসম প্ৰান্তৰ বিদ্যালয় সমূহৰ কাৰ্য্য প্ৰমুখ অনিৰ্ৱাণ শৰ্মা লগতে পৰশ মনি দাস, হিতজ্যোতি বৰদলৈ, ৰীতুপৰ্ণা শৰ্মা, পুজাশ্ৰী দেবীকে ধৰি আদি সংস্কৃত ভাৰতীৰ আন আন কাৰ্যকৰ্তা সকল।

মহৰ্ষি বাল্মীকিৰ জীবন দৰ্শনৰ ওপৰত বক্তব্য ৰাখে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপিকা ৰীতুপৰ্ণা শৰ্মাই। ধ্যেয় মন্ত্ৰৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত আগন্তুক সময়ত ৰহা নগৰত সংস্কৃত অধ্যয়ন কেন্দ্র স্থাপনৰ সিদ্ধান্ত লোৱা হয় আৰু সংস্কৃত ভাৰতীৰ আগন্তুক সময়ত অনুষ্ঠিত হবলগিয়া কাৰ্যক্ৰম সমূহৰ উপৰত আলোকপাত কৰা হয়। শেষত কল্যাণ মন্ত্ৰৰ দ্বাৰা অনুষ্ঠান ভাগৰ শুভ সমাপ্তি কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in