ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যৰ চৌদিশে দূৰ্গাপূজাৰ ধামখুমীয়াৰ বিপৰীতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আজিৰে পৰা গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী উৎসৱ আজিৰে পৰা আৰম্ভ হৈছে।
তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হবলগিয়া কাৰ্যসূচী অনুসৰি আজি পুৱা তাল কোবোৱা প্ৰসঙ্গ, মঞ্জীৰা নাম, আইসকলৰ নাম, খোল প্ৰসঙ্গৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হব।
ইফালে গুৰু জন্মজয়ন্তী উপলক্ষে পুৱাৰে পৰা বটদ্ৰৱা থানত ভকত বৈষ্ণৱ, আইমাতৄৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। পুৱাৰে পৰা হৰি নাম কীৰ্ত্তনৰ শব্দৰে মুখৰিত হৈছে।