বটদ্ৰৱাত নিৰুদ্দেশ ই ৰিক্সা চালকঃ উদ্ধাৰ ই ৰিক্সা

বটদ্ৰৱাত নিৰুদ্দেশ ই ৰিক্সা চালকঃ উদ্ধাৰ ই ৰিক্সা
Published on
Updated on

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ মঙলবাৰৰ পৰা সন্ধানহীন নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনি গাঁৱৰ ই ৰিক্সা চলক নজৰুল ইছলাম। ঘটনাৰ বিৱৰণী মতে, নৰুল আমিনে অন্য দিনাৰ দৰে কালিও বিয়লি ৪ বজাত ই ৰিক্সা লৈ ভাৰা মাৰিবলৈ ওলাই গৈছিল। পাছত নিশা পৰ্যন্ত ঘৰলৈ উভতি নহাত পৰিয়ালৰ সদস্যই আজি পুৱা আত্মীয় স্বজন, বন্ধু বান্ধৱৰ ঘৰত বিচাৰ খোচাৰ কৰি কোনো শুংসূত্ৰ নোপোৱাত বটদ্ৰৱা থানাত লিখিত এজাহাৰ দাখিল কৰে৷

আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰি আজি বিয়লি হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত গৰৈমাৰীৰ পৰা AS 02 GR 0813 নম্বৰৰ উক্ত ই ৰিক্সা খন উদ্ধাৰ কৰে। ৰহস্যজনক ভাবে উক্ত উদ্ধাৰ কৰি আনা ই ৰিক্সা খনৰ ৪টা বেটাৰী আৰু অতিৰিক্ত টায়াৰটো পোৱা নাই৷

বৰ্তমানলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও চালক নৰুল আমিনকো উদ্ধাৰ কৰিব পৰা নাই৷কোনো সদাশয় লোকে ৫০ বছৰীয়া নুৰুল আমিনৰ সম্ভেদ পালে বটদ্ৰৱা আৰক্ষীক অথবা 7002788643 এই নম্বৰত যোগাযোগ কৰিবৰ বাবে পৰিয়ালে আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in