ৰমেশ ফুকন মেম'ৰিয়েল হাইস্কুলত দূৰ-মুক্ত শিক্ষা ব্যৱস্থা...

ৰমেশ ফুকন মেম'ৰিয়েল হাইস্কুলত দূৰ-মুক্ত শিক্ষা ব্যৱস্থা...

Published on

ডিজিটেল সংবাদ, বেবেজীয়া: দূৰ-মুক্ত শিক্ষাই একাংশ দৰিদ্ৰ আৰু আওহতী‌য়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশেষকৈ একাংশ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী‌য়ে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ বাবে ব্যাপক ধাউতি মনতে পুহি ৰাখে যদিও তেওঁলোকে আৰ্থিক অনাটনৰ কাৰণে প্ৰাথমিক পৰ্যায়তে শিক্ষা সাং কৰি বিভিন্ন কাম-কাজত জড়িত হৈ পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব পালন কৰিবলগীয়া হয়। যাৰ ফলত নিয়মীয়াকৈ আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হয়।

বহু ছাত্ৰ-ছাত্ৰী‌য়ে তেওঁলোকৰ কামৰ বিভিন্ন বোজা অব্যাহত ৰাখি যেনে তেনে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয়। ই‌য়াৰে বহুতো ছাত্ৰ-ছাত্ৰী অনুৰ্তীৰ্ন হৈ শিক্ষা জীৱনৰ সমাপ্তি ঘটায়। এনে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বিভিন্ন সময়ত চৰকাৰীভাৱে দূৰ-মুক্ত শিক্ষাৰ ব্যৱস্থা কৰি হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী‌ৰ ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম কৰি তোলা পৰিলক্ষিত হৈছে।

এনে দূৰ-মুক্ত শিক্ষাৰ এক অন্যতম কেন্দ্ৰ হৈছে নগাঁও বেঙনাআটিত অৱস্থিত ৰমেশ ফুকন মেম'ৰিয়েল হাইস্কুল। এই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে এতিয়াও চৰকাৰীভাৱে প্ৰাদেশীকৰণ নোহোৱা স্বত্তেও ছাত্ৰ-ছাত্ৰী‌ক আনুষ্ঠানিক শিক্ষা দান কৰাৰ সমান্তৰালকৈ দূৰ-মুক্ত শিক্ষাৰ ব্যৱস্থা কৰি উপযুক্ত কচিঙৰ ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী‌ৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।

এইখন বিদ্যালয়ৰ পৰা অতি কম খৰছত পাঠ গ্ৰহণ কৰি দূৰ-মুক্ত শিক্ষাৰ জৰিয়তে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হৈ একাংশ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী‌য়ে চৰকাৰী বা বেচৰকাৰী খণ্ডত চাকৰি কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ অধ্যক্ষৰূপে আব্দুল কাদিৰে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অধ্যক্ষ গৰাকীৰ এই প্ৰয়াসক সচেতন মহলে শলাগ লৈছে।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in