ডিজিটেল সংবাদ, ৰঙিয়া: ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা ভৰ্তি অভিযান ১ চেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশৰ লগতে অসমত আৰম্ভ হ'ব। লগতে এই অভিযান প্ৰতিখন জিলাৰ সমান্তৰালকৈ উত্তৰ কামৰূপ জিলাত দলীয় কাৰ্যকর্তাসকলে ১ চেপ্তেম্বৰৰ পৰা সদস্য ভৰ্তি অভিযান সুন্দৰভাৱে আৰম্ভ কৰিবলৈ জিলা কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।
সেই উদ্দেশ্যেৰে শনিবাৰে ভাৰতীয় জনতা পাৰ্টি, উত্তৰ কামৰূপ জিলাৰ উদ্যোগত ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত হোৱা জিলা কৰ্মশালাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই কাৰ্যকতাসকলক উদ্দেশ্যি অভিযানটিৰ বিষয়ে বিশদভাৱে বিৱৰণ আগবঢ়ায়। লগতে সদস্যতা অভিযান শীৰ্ষক কাৰ্যসূচীভাগ সফল কৰি তোলাৰ বাবে প্রতিজন দলীয় কাৰ্যকর্তাৰ কৰণীয় আৰু ডিজিটেল প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰে। ইফালে এই কৰ্মশালাখনৰ সভাত সম্পাদক পল্লৱলোচন দাস, বিধায়ক সুমন হৰিপ্ৰিয়া আৰু বিধায়ক দিগন্ত কলিতাৰ লগতে উত্তৰ কামৰূপ জিলাৰ সভাপতি সুৱল পালকে ধৰি বহুতো কাৰ্যকতাই অংশগ্ৰহণ কৰে।
Also Read: ৰূপসী বিমান বন্দৰৰ নাম বাহাল ৰখাৰ দাবীত অৱস্থান ধৰ্মঘট