ডিজিটেল সংবাদ, ৰঙিয়া: বৃহত্তৰ ৰঙিয়াবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী তথা জনস্বাস্থ্য সেৱাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ কামৰূপ জিলাৰ ভিতৰতে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয় চৌহদত নিৰ্মাণ হ'বলগীয়া ব্লাড বেংক স্থাপনৰ কাম পৰ্যায়ক্ৰমে অগ্ৰগতি লাভ কৰিছে। স্বাস্থ্য বিভাগৰ তৰফৰ পৰা অনুমোদন লাভ কৰাৰ পিছতে সোমবাৰে পুনৰ স্থানীয় বিধায়ক তথা বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা চিকিৎসালয়খনত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ বিভাগীয় কৰ্তৃপক্ষ আৰু লোকনিৰ্মাণ বিভাগৰ (অট্টালিকা) কৰ্তৃপক্ষৰ সৈতে প্ৰস্তাৱিত ব্লাড বেংক ভৱনৰ ভূমি পৰিদৰ্শন কৰে।
পৰিদৰ্শনৰ অন্তত আন্ত:গাঁঠনি সন্দৰ্ভত আলাপ আলোচনা কৰাৰ লগতে স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষক অতি শীঘ্ৰে ব্লাড বেংক ভৱনটিৰ নিৰ্মাণ কার্য আৰম্ভ কৰিবলৈ নিৰ্দেশনা আগবঢ়াই ভবেশ কলিতাই। পৰিদৰ্শনৰ অন্তত অনুমোদিত ব্লাড বেংকটো কাৰ্যক্ষম হৈ উঠিলে ৰোগীসকলৰ দীৰ্ঘদিনীয়া অভাৱ তথা সমস্যা দূৰ হোৱাৰ লগতে চিকিৎসা গ্ৰহণৰ প্ৰতিবন্ধকতা আঁতৰাৰ আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ।
Also Read: গা লৰিল দিল্লী প্ৰশাসনৰ, ছীল কৰিলে ১৩টা কোচিং চেন্টাৰ...