২১আগষ্টত ভাৰত বন্ধঃ কোনে, কিয় হঠাতে কৰিলে এই ঘোষণা...

২১আগষ্টত ভাৰত বন্ধ...

author-image
Dimpul Borgohain
New Update
২১আগষ্টত ভাৰত বন্ধঃ কোনে, কিয় হঠাতে কৰিলে এই ঘোষণা...

ডিজিটেল ডেস্কঃ এছ টি আৰু এছ চি সংৰক্ষণ প্ৰক্ৰিয়াত উপ শাখা অৰ্থাত চাব কেটেগৰী সৃষ্টিৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক লৈ এইবাৰ জাঙুৰ খাই উঠিছে সংৰক্ষণ বচাও সংগ্ৰাম সমিতি। এই সমিতিখনে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ২১আগষ্ট, ২০২৪ত ভাৰত বন্ধৰ আহ্বান কৰিছে। এই ভাৰত বন্ধলৈ বহুকেইটা বিৰোধী ৰাজনৈতিক দলৰ লগতে দলিত সংগঠন সমূহেও সমৰ্থন জনাইছে।

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক এছ টি আৰু এছ চি সংৰক্ষণ প্ৰক্ৰিয়াত উপ শাখা অৰ্থাত চাব কেটেগৰী সৃষ্টিৰ বাবে অনুমতি প্ৰদান কৰিছে। এই ৰায়দানৰ পাছতে দেশৰ প্ৰায়কেইটা বিৰোধী দলৰ লগতে বহু দলিত সমাজে তীব্ৰ বিৰোধিতা কৰিছিল আৰু প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল। তেওঁলোকৰ দাবী যে, শেহতীয়াকৈ ন্যায়ালয়ে প্ৰদান কৰা এই নিৰ্দেশনা উঠাই লব লাগে। প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা সংগঠনসমূহে স্পষ্ট কৰি দিছে যে, ভাৰত বন্ধৰ সময়ত জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো সেৱা বন্ধ থাকিব।

উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে যে, এছ টি আৰু এছ চি সংৰক্ষণ প্ৰক্ৰিয়াত উপ শাখা অৰ্থাত চাব কেটেগৰী সৃষ্টি অতি শীঘ্ৰে হব লাগে। আদালতৰ মতে, বাস্তৱত যাৰ আৱশ্যকতা আছে তেওঁকহে সংৰক্ষণত অগ্ৰাধিকাৰ পোৱা উচিত। গতিকে ৰাজ্যসমূহে অতি সোনকালেই এই প্ৰক্ৰিয়া কাৰ্যক্ষেত্ৰত ৰূপায়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক।

ন্যায়ালয়ৰ এই ৰায়ৰ বিৰোধিতাৰে সংৰক্ষণ বচাও সংগ্ৰাম সমিতিয়ে বন্ধ ঘোষণা কৰাৰ পাছতে উত্তৰ প্ৰদেশৰ পশ্চিম প্ৰান্তক বিশেষভাৱে সংবেদনশীল হিচাপে চিহ্নিত কৰা হৈছে। সেই অঞ্চলত আৰক্ষীক হাই এলাৰ্টত ৰখা হৈছে। ইফালে কাইলৈৰ দিনটোত বিত্তীয় প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব নেকি তাক লৈ কোনো স্পষ্ট নিৰ্দেশনা প্ৰদান কৰা নাই প্ৰতিবাদকাৰী সংগঠনসমূহে।

Also Read: কলকাতাত পুনৰ ভয়ংকৰ ঘটনাঃ সুৰাৰ ৰাগীত মাতাল জনপ্ৰিয় অভিনেতাৰ এই কাণ্ড...

ভাৰত বন্ধ