ডিজিটেল ডেস্কঃ আজি ভাৰত বন্ধ। ৰাজ্যভেদে এই ভাৰত বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। এই বন্ধৰ প্ৰভাৱ বিশেষভাৱে পৰিছে ৰাজস্থান আৰু বিহাৰত। এই দুখনৰ ৰাজ্যৰ বাদে দেশৰ অন্য প্ৰান্তত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হোৱা নাই।
উল্লেখ কৰা প্ৰয়োজন যে, উচ্চতম ন্যায়ালয়ৰ এক ৰায়দানৰ পাছতে সংৰক্ষণ বচাও সংগ্ৰাম সমিতিয়ে আহ্বান কৰিছিল এই বন্ধৰ। দেশৰ দলিত সমাজৰ লগতে বহুকেইটা ৰাজনৈতিক দলে এই বন্ধলৈ সমৰ্থন জনাইছিল। শেহতীয়াকৈ এই বন্ধলৈ বহুজন সমাজ পাৰ্টীয়েও সমৰ্থন জনাইছে।
এই বন্ধৰ সময়চোৱাত বিহাৰৰ বিভিন্ন পথত তীব্ৰ যানযটঁৰ সৃষ্টি হৈছে। ইফালে ৰাজস্থানতো ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনাৰ সৃষ্টি হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক এছ টি আৰু এছ চি সংৰক্ষণ প্ৰক্ৰিয়াত উপ শাখা অৰ্থাত চাব কেটেগৰী সৃষ্টিৰ বাবে অনুমতি প্ৰদান কৰিছে। এই ৰায়দানৰ পাছতে দেশৰ প্ৰায়কেইটা বিৰোধী দলৰ লগতে বহু দলিত সমাজে তীব্ৰ বিৰোধিতা কৰিছিল আৰু প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল।
তেওঁলোকৰ দাবী যে, শেহতীয়াকৈ ন্যায়ালয়ে প্ৰদান কৰা এই নিৰ্দেশনা উঠাই লব লাগে। প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা সংগঠনসমূহে স্পষ্ট কৰি দিছে যে, ভাৰত বন্ধৰ সময়ত জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো সেৱা বন্ধ থাকিব।