ডিজিটেল ডেস্কঃ ১৬ নৱেম্বৰ, বুধবাৰে গুৱাহাটীত প্ৰৱেশ কৰিব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই। অৱশ্যে ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত থকা ভাৰত জোড়ো যাত্ৰা নহয়, অসম প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাইহে প্ৰৱেশ কৰিব গুৱাহাটীত। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আছে মহাৰাষ্ট্ৰত।
বুধবাৰে পুৱা ১০ঃ৩০ বজাৰৰ পৰাকামৰূপত আৰম্ভ হ'ব ভাৰত জোড়ো যাত্ৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ পৰা আৰম্ভ হ'ব এই যাত্ৰা। সেয়েহে কংগ্ৰেছ নেতৃত্ব এই যাত্ৰাক লৈ অধিক সক্ৰিয় হৈ পৰিছে।
ইফালে জালুকাবাৰীত এই যাত্ৰাত প্ৰদেশ কংগ্ৰেছক সংগ দিব চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নৱাম টুকিয়ে। ইয়াৰোপৰিও থাকিব জিতেন্দ্ৰ সিং। এই যাত্ৰাত গুৱাহাটীৰ কেইবাখনো মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰিব বুলি প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰিছে।
উল্লেখ্য যে ধুবুৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই সোমবাৰে কামৰূপ গ্ৰাম্য জিলাত প্ৰৱেশ কৰিছিল। মঙ্গলবাৰে ৬৫ জনগোষ্ঠীৰ ঐক্যমঞ্চই অসম বন্ধ আহ্বান কৰাৰ বাবে সেই বন্ধনলৈ সমৰ্থন জনাই প্ৰদেশ কংগ্ৰেছে এই ভাৰত জোড়ো যাত্ৰা এদিনৰ বাবে স্থগিত ৰাখে।
যোৱা ১ নৱেম্বৰত ধুবুৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই এই পৰ্যন্ত ১৫০ কিলোমিটাৰৰো অধিক পথ সামৰি লৈছে। এই যাত্ৰাৰ নেতৃত্ব প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তেওঁক প্ৰতিদিনে সংগ দিছে প্ৰদেশ কংগ্ৰেছৰ লগতে , যুৱ কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে কংগ্ৰেছ সাংসদ আৰু বিধায়কসকলে।
ক্লিক কৰি পঢ়কঃ লাভ নাই, ধাৰাবাহিক লোকচান ! কোনোৱে এৰিছে চাকৰি, ছাঁটাই হৈছে কৰ্মচাৰী...