ভাৰত জোড়ো যাত্ৰাত আজি দেখা যাব কেৱল মহিলাসকলক...

ভাৰতীয় জাতীয় কংগ্ৰেছৰ শেহতীয়া ভাৰত জোড়ো যাত্ৰা সফল হৈছিল ৰাষ্ট্ৰজুৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ ।
ভাৰত জোড়ো যাত্ৰাত আজি দেখা যাব কেৱল মহিলাসকলক...

ডিজিটেল ডেস্ক : ভাৰতীয় জাতীয় কংগ্ৰেছৰ শেহতীয়া ভাৰত জোড়ো যাত্ৰা সফল হৈছিল ৰাষ্ট্ৰজুৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ । হিমাচল প্ৰদেশত কংগ্ৰেছৰ সফলতাৰ আৰতো যেন কিছু পৰিমাণে প্ৰশংসাৰ অংশীদাৰ এই পদযাত্ৰা ।

সমগ্ৰ ৰাষ্ট্ৰজুৰি আৰম্ভ হোৱা এই পদযাত্ৰাত আজি এক নতুন ৰূপত, নতুন উদ্যমেৰে চামিল হ'ব দলীয় কৰ্মকৰ্তা সকল । কিয়নো হাৰিয়ানাত প্ৰৱেশ কৰা এই পদযাত্ৰাত সোমবাৰৰ দিনটোত দেখা যাব কেৱল মহিলা সকলক । দলটোৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী সহ আন শীৰ্ষৰ নেতা, দলীয় কৰ্মচাৰী সকলৰ সৈতে খোজ মিলাই পদযাত্ৰাত যোগ দিব ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ মহিলা সকলে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ভাৰতীয় জাতীয় কংগ্ৰেছে কেৱল মহিলা সকলৰ সৈতে আয়োজন কৰিছিল পদযাত্ৰাৰ । বিগত বৰ্ষত ডিছেম্বৰত ৰাজস্থানত আৰু তাৰ পূৰ্বে নৱেম্বৰত প্ৰয়াত ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকীত আ‍য়োজন কৰা হৈছিল এনে পদযাত্ৰাৰ ।

আৰু পঢ়ক: টীয়কৰ বলমা পথাৰত পুনৰ গঁড়ৰ মুক্ত বিচৰণ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in