কংগ্ৰেছক দলক একেবাৰে বিদায় দিলে বিধায়ক ভৰত নৰহে।
ৰাষ্ট্ৰীয় সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে নাওবৈচাৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে।
পদত্যাগ পত্ৰত মাত্ৰ এটা লাইন উল্লেখ কৰি ততাতৈয়াকৈ কংগ্ৰেছৰ পৰা বিদায় বিচাৰিলে ভৰত নৰহে।
উল্লেখ কৰা প্ৰয়োজন যে, পত্নী ৰাণী নৰহক টিকট পৰা বঞ্চিত কৰাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ পদ এৰিছিল নৰহে।
তাৰ পাছতে আজি কংগ্ৰেছ দলক বিদায় দিলে নৰহে।