ভাৰতী হাইস্কুলৰ বাৰ্ষিক অধিৱেশন সমাপন

বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

author-image
Asomiya Pratidin
New Update
ভাৰতী হাইস্কুলৰ বাৰ্ষিক অধিৱেশন সমাপন

ভাৰতী হাইস্কুলৰ বাৰ্ষিক অধিৱেশন সমাপন

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ টিহুস্থিত ভাৰতী হাইস্কুলৰ ৩২ সংখ্যক বাৰ্ষিক অধিৱেশন ১৫ ডিচেম্বৰত সমাপন হয় । এই উপলক্ষে পুৱা বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জনা মেধিয়ে বিদ্যালয়খনৰ পতাকা উত্তোলন কৰি অধিৱেশনৰ শুভাৰম্ভ কৰে ।

ইয়াৰ পাছত গছপুলি ৰোপণ কৰে টিহু জ্যেষ্ঠ নাগৰিক সন্মিলনৰ  সম্পাদক লক্ষীকান্ত শৰ্মা, বিশিষ্ট সমাজকৰ্মী মাধৱ শৰ্মা আৰু ফটিক ডেকাই । কাৰ্যসূচী অনুসৰি ভাৰতী হাইস্কুলৰ ছাত্ৰ একতা সভাৰ সভাপতি প্ৰমোদ চন্দ্ৰ ডেকাৰ পৌৰোহিত্যত আয়োজিত মুকলি সভাত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ সুৰেশচন্দ্ৰ শৰ্মাই নিৰ্দিষ্ট বক্তা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই মুখ্য অতিথি হিচাপে ভাগ লৈ শিক্ষাৰ্থীসকলৰ উদ্দেশ্যি প্ৰাসংগিক ভাষণ প্ৰদান কৰে ।

জনপ্ৰিয় সংগীত শিল্পী অৰৱিন্দ কলিতা আৰু দীনেশ পাঠকৰ পৰিচালনাৰে ‘‘ নিচলা আইৰে আমি অসমীয়া ...’’ শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ হোৱা মুকলি সভাখনত শিক্ষয়িত্ৰী অলকা বুজৰবৰুৱাই অনুষ্ঠান আয়োজনৰ উদ্দেশ্য বিৱৰি কোৱাৰ লগতে এট বৰগীত পৰিৱেশন কৰি উপস্থিত থকা সকলোকে আপ্লুত কৰে । বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জনা মেধিয়ে বাৰ্ষিক প্ৰতিবেদন পাঠ কৰি বিদ্যালয়খনত শ্ৰেণী অনুসৰি শিক্ষতৰ সংখ্যা কম হোৱা বুলি উল্লেখ কৰে।

বিদ্যালয়খনৰ পৰিচালনা সমিতি আৰু উন্নয়ন সমিতিৰ সভাপতি তৰণী চৌধুৰী, বিদ্যালয়খনৰ অৱসৰীয়া প্ৰধান শিক্ষক অজিত কুমাৰ মেধিয়েও সভাত ভাষণ প্ৰদান কৰে । বিদ্যালয়খনৰ শিক্ষক লক্ষ্য কুমাৰ ডেকা আৰু দীপংকৰ দাসৰ পৰিচালনাৰে বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণ অনুষ্ঠান সম্পন্ন কৰা হয় ।

আবেলি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰখ্যাত নেপথ্য গায়ক জিতেন শৰ্মাই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে বিভিন্ন গীত–মাত পৰিৱেশন কৰে । অনুষ্ঠানত বিদ্যালয়খনৰ অৱসৰীয়া শিক্ষক গিৰীন পাঠক, একনিষ্ঠ সাহিত্যব্ৰতী অবিনাশ কলিতা প্ৰমুখ্যে বহু সংখ্যক শিক্ষনুৰাগী লোক আৰু শিক্ষাৰ্থীৰ অভিভাৱক–অভিভাৱিকায়ো ভাগ লয় । ইফালে পুৱাৰ ভাগত নগৰখনত বিদ্যালয়খনৰ শিক্ষক–শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰদ্বাৰা উলিওৱা বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাই নগৰবাসী আৰু বাটৰুৱাক বাৰুকৈয়ে মুগ্ধ কৰে ।

আৰু পঢ়কঃ ভৰি পিছলি সোমাই পৰিল ৰেলৰ তলত,মৃত্যু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তাৰ...

অসম নলবাৰী টিহু