জোনাইত বান খহনীয়া পৰিদৰ্শন বিধায়ক ভূৱন পেগুৰ

বানপানীৰ সময়ত ৰাইজক সতৰ্ক তথা প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান বিধায়কৰ
জোনাইত বান খহনীয়া পৰিদৰ্শন বিধায়ক ভূৱন পেগুৰ
Published on
Updated on

ডিজিটেল সংবাদ,জোনাই: বৃহস্পতিবাৰে বান বিধ্বস্ত জোনাই মহকুমাৰ বিভিন্ন নদীৰ বান আৰু গৰাখহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় বিধায়ক ভূৱন পেগুৱে। লগতে বন্যাৰ্তৰ সৈতেও মতবিনিয় বিনিময় কৰে বিধায়ক গৰাকীয়ে।

ভাৰতীয় জনতা পাৰ্টি, সন্মিলিত গণশক্তি অসম দলৰ নেতা-কৰ্মীৰ লগতে মিচিং জাতীয় সংগঠনৰ নেতৃবৃন্দৰ সৈতে বিধায়ক পেগুৱে আজি প্ৰথমে জোনাই মহকুমাৰ হাবি গাঁৱৰ জে'লখানা পথত পাহাৰীয়া পানীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰে। খহনীয়াৰ গৰাহত পৰা পকীপথটি বচাবলৈ উচিত ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে পেগুৱে।

ইয়াৰ পিছত মিচিং জাতীয় সংগঠন টি এম পি কেৰ নেতৃস্থানীয় ব্যক্তিসকলৰ সৈতে ৰায়াং বিজয়পুৰ পঞ্চায়তৰ অন্তৰ্গত জোনাইৰ ৰায়াং গাঁৱত বিধায়ক পেগু উপস্থিত হৈ ৰায়াং নলাই সৃষ্টি কৰা খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা বাঁহ স্পাৰো পৰিদৰ্শন কৰে। জোনাইৰ ৰায়াং কুলি গাঁৱত ৰায়াং নলাই সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰে আৰু খহনীয়া প্ৰতিৰোধৰ উদ্দেশ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে।

জোনাইৰ ২ নং চিৰামপুৰীয়া গাঁৱত কাজিয়া নলা আৰু মেঞ্জেক নলাক পাহাৰীয়া বাঢ়নী পানীয়ে উপচাই সৃষ্টি কৰা বানপানী পৰিদৰ্শন কৰি বিধায়ক গৰাকীয়ে অঞ্চলটোৰ বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজৰ সমস্যা তৎপৰতাৰে দূৰ কৰাৰ আশ্বাস প্ৰদান কৰে।

তদুপৰি ভূবন পেগুৱে দলীয় কৰ্মী আৰু ‌টি এম পি কেৰ কাৰ্যকৰ্তাসকলৰ সৈতে জোনাইৰ উজনি বিজয়পুৰৰ ৰাজাখানাত ৰাজাখানা নদীয়ে সৃষ্টি কৰা খহনীয়া প্ৰতিৰোধৰ বাবে চলি থকা পাৰ্কুপাইন স্থাপনৰ কামৰ অগ্ৰগতিৰ বুজ লয়। লগতে স্থানীয় ৰাইজে সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত ৰাইজৰ সৈতে মত বিনিময় কৰে। অতি কম সময়ৰ ভিতৰতে যথোচিত ব্যৱস্থা গ্ৰহণ কৰি অতিকৈ পুৰণি তথা ঐতিহ্যমণ্ডিত উজনি বিজয়পুৰ-ৰাজাখানা অঞ্চলক বান-খহনীয়া পৰা বচোৱাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।

আজি দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বিধায়ক ভূবন পেগুৱে জোনাইৰ নাহৰ গেজেৰা গাঁৱত উপস্থিত হৈ নাহৰ নলাই সৃষ্টি কৰা খহনীয়া আৰু বান পৰিস্থিতি পৰিদৰ্শন কৰে। তদুপৰি ছিগা মাজ গাঁৱত পাহাৰীয়া পানীৰে উপচি পৰা নাহৰ নলাই সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰি বিভাগীয় কৰ্তৃপক্ষক তাৎক্ষণিকভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰে। জোনাইৰ গালি বৰবালিত দেপী নদীয়ে সৃষ্টি কৰা খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা পাৰ্কুপাইন আঁচনি পৰিদৰ্শন কৰে।

জোনাইৰ ৰায়াং নলা, কাজিয়া নলা, ৰাজাখানা নলা, নাহৰ নলা আদিৰ পাৰৰ বান্ধবোৰৰ কেইবা ঠাইতো পানীয়ে খহাই লৈ যোৱা অংশ, বান্ধ ছিগি যোৱা অংশৰ লগতে পাৰ্কুপাইন পেলোৱা সকলোবোৰ ঠাই পৰিদৰ্শন কৰি বিধায়ক ভূবন পেগুৱে চৰকাৰে তৎপৰতাৰে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা বুলি সদৰী কৰে। লগতে বানপানীৰ সময়ত ৰাইজক সতৰ্ক তথা প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।

জোনাইত বান খহনীয়া পৰিদৰ্শন বিধায়ক ভূৱন পেগুৰ
চিৰাঙত অঘটন : স্কুটিসহ পানীত পৰি সন্ধানহীন যুৱতী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in