উপ-নিৰ্বাচনত ৫টা সমষ্টিৰ ৪ টাতেই ভাল ফলাফল দেখুৱাব কংগ্ৰেছেঃ ভূপেন বৰা

উপ-নিৰ্বাচনত ৫টা সমষ্টিৰ ৪ টাতেই ভাল ফলাফল দেখুৱাব কংগ্ৰেছেঃ ভূপেন বৰা
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটীঃ 'কেৱল ধৰ্মীয় মেৰুবিভাজনৰ ৰাজনীতি কৰি নিৰ্বাচনত জয়ী হোৱাটো সম্ভৱ নহয়। সেই কথা উত্তৰ-পূবৰ আঞ্চলিক দলসমূহে স্বীকাৰ কৰিছে' এনডিএৰ অংশীদাৰ দল এনডিপিপিৰ মুৰব্বী নেফিউ ৰিঅ'ৰ প্ৰস্তাৱ সন্দৰ্ভত এই মন্তব্য এপিচিচিৰ সভাপতি ভূপেন বৰাৰ।

তেওঁ কয় যে, এনডিএৰ লগত থকা নাগালেণ্ডৰ দলটোৱে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে পত্ৰ লিখি ধৰ্মক লৈ ৰাজনীতি নকৰিবলৈ তথা ভাৰতীয় সংবিধান অনুযায়ী ধৰ্ম নিৰপেক্ষতা বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাটোৱে বিজেপিৰ ৰাজনীতিৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।সভাপতি বৰাই আৰু কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত বেলেগ ধৰণে কথা কৈ আহিছে, যি কথা-বতৰাই অসমৰ ৰাজনৈতিক পৰিৱেশ বিষাক্ত কৰি আহিছে।

সভাপতি বৰাই আৰু কয়, 'নেডাৰ আহ্বায়ক হিচাপে মুখ্যমন্ত্ৰীয়ে এনডিপিপি দলৰ পত্ৰখন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিয়া উচিত। কিয়নো মুখ্যমন্ত্ৰী হৈছে নেডাৰ আহ্বায়ক আৰু এনডিপিপি দলটো নেডাৰ অন্তৰ্গত। গতিকে নেফিঅ’ ৰিঅ’ৰ কথাখিনিক লৈ তেওঁ সন্মত হয় নে নহয় সেয়াও জনাব লাগে। যদি সন্মত নহয় তেন্তে সম্পৰ্ক ছেদ কৰক।

সংবিধান প্ৰদত্ত যি পথেৰে কংগ্ৰেছে আগবাঢ়িছে, একেটা পথেৰে দেশৰ জনতায়ো যে আগবাঢ়িব বিচাৰিছে সেই কথা এনডিপিপি দলে আওপকীয়াকৈ হ’লেও মানি লৈছে বুলিও ভূপেন বৰাই মন্তব্য কৰে।

আনহাতে, সংবাদিকৰে হোৱা এক বাৰ্তালাপত সভাপতিগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ৰে পৰা স্বয়ম্ভূ নিৰ্বাচন আয়ুক্তৰ দৰে আচৰণ প্ৰদৰ্শন কৰি অহা বুলিও মন্তব্য কৰে। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কোনো মন্তব্য অহাৰ পূৰ্বে কিদৰে মুখ্যমন্ত্ৰীয়ে উপ-নিৰ্বাচন নহ’বও পাৰে বুলি ক’বলৈ সাহস কৰিলে সেই সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰে বৰাই।

বিজেপি দলৰ আভ্যন্তৰীণ ৰাজনৈতিক অৱস্থা তথৈবচ হৈ পৰিছে বাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে বুলিও বৰাই উল্লেখ কৰে। বিজেপিৰ ছিদলী সমষ্টিত ভৱিষ্যত নাই। বঙাইগাঁও সমষ্টিটো বিজেপিক অগপে এৰি নিদিয়ে। চামগুৰি সমষ্টিত বিজেপিৰ কোনো আশা নাই।

বিহালী সমষ্টিত বিজেপিৰ শোচনীয় পৰাজয় হ’ব। কেৱল ধলাই সমষ্টিত কংগ্ৰেছৰ লগত বিজেপিৰ প্ৰতিদ্বন্দিতা হ’ব। এই ৫টা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ বিজেপিয়ে আশংকাত ভুগি আছে বাবেই বিজেপিয়ে পৰাজয়ৰ গ্লানি সহাতকৈ কিবাকৈ নিৰ্বাচনকে ৰখাই থবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলিও বৰাই মন্তব্য কৰে।

উপ-নিৰ্বাচনত ৫টা সমষ্টিৰ ৪ টাতেই ভাল ফলাফল দেখুৱাব কংগ্ৰেছেঃ ভূপেন বৰা
ধৰ্মেন্দ্ৰ প্ৰধানৰ সংবাদমেলঃ NEET বিসংগতিৰ দায়িত্ব স্বীকাৰ শিক্ষামন্ত্ৰীগৰাকীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in