এখন দেশ! নবজে হুইচেল, নকয় ট্ৰেফিকে ৰ'ব, পথত কিন্তু ঠিকেই চলে গাড়ী মটৰ...

এখন দেশ! নবজে হুইচেল, নকয় ট্ৰেফিকে ৰ'ব, পথত কিন্তু ঠিকেই চলে গাড়ী মটৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰতিখন দেশতে যান-বাহনৰ আছে বিভিন্ন নিয়ম আৰু এই নিয়ম অনুসৰণ কৰাটো বাঞ্চনীয়। নিয়ম ভংগ কৰিলে বিপদত পৰিব পাৰে আপুনি। ভৰিব লাগিব জৰিমনা।

কিন্তু পৃথিৱীত এনে এখন দেশ আছে য'ত নাই কোনো ধৰণৰ ট্ৰেফিক নিয়ম, সংকেত। ৰাজপথত নাই ট্ৰেফিক লাইট। সেই দেশখনেই হৈছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান।

ভূটান বা ভোটদেশ দক্ষিণ এছিয়াৰ এখন ৰাজতন্ত্ৰৰ দেশ। দক্ষিণ-পূব এছিয়াৰ পূব হিমালয়ত অৱস্থিত ভূটান এখন মনোমোহা দেশ। ভূটানক "তৃতীয় অজগৰৰ দেশ" বুলিও জনা যায়।

এই দেশৰ লগত জড়িত হৈ আছে বহুতো আমোদজনক কথা। ইয়াৰে এটা দেশখনৰ ৰাজপথৰ সৈতে সংযুক্ত। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ট্ৰেফিক সংকেত নথকাৰ পিছতো ইয়াত কোনোধৰণৰ যানযটৰো সৃষ্টি নহয়।

ভূটানত উদ্যোগ আৰু বাহনৰ সংখ্যা অতি কম, যাৰ বাবে কাৰ্বন নিৰ্গমনৰ পৰিমাণ অতি কম। ভূটানত কাৰ্বন ডাই অক্সাইড উৎপাদনতকৈ ইয়াত অধিক অক্সিজেন মুকলি কৰা হয়।

পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভূটানত বাহনৰ সংখ্যা একেবাৰে সীমিত কৰা হৈছে। দেশখনত পথৰ ব্যৱস্থা এনেদৰে কৰা হৈছে যাতে কোনো বাহন চলাচলৰ সময়ত কোনো চাৰিআলি বা তিনিআলিত ৰ'ব লগীয়া নহয়। যাৰ বাবে সৃষ্টি নহয় কোনোধৰণৰ যানযট।

ভূটানৰ মানুহৰ ক্ষেত্ৰত দেখা পোৱা যায় প্ৰকৃতি প্ৰেম আৰু জীৱ জন্তুৰ প্ৰতি থকা অনন্য নিদৰ্শন। য'ত জীৱ-জন্তুও মুকলি মনে বিচৰণ কৰে ৰাজপথত। যাৰ বাবে ইয়াৰ জনসাধাৰণে ধীৰ গতিত বাহন চলাচল কৰে। সেয়েহে, ইয়াত ট্ৰেফিক লাইটৰ প্ৰয়োজন নাই।

দেশখনৰ প্ৰশাসন তথা যানবাহন আৰক্ষী এই ক্ষেত্ৰত সদায় সৰৱ হৈ থাকে। প্ৰতিটো তিনিআলি-চাৰিআলি আৰু মুখ্য পথত কোনো ধনণৰ বেমেজালিৰ সৃষ্টি নহবলৈ সকলো সময়তে নিৰীক্ষণ কৰি থাকে।

ভূটান হৈছে সম্পূৰ্ণৰূপে প্ৰকৃতিৰে আৱৰা দেশ। এই দেশৰ প্ৰতিটো অংশই আশ্চৰ্যজনক প্ৰাকৃতিক সৌন্দৰ্য প্ৰদৰ্শন কৰে। ভূটানত চিনেমা হল, ৰেষ্টুৰেণ্ট, ৰাস্তা আদিৰ দৰে ৰাজহুৱা স্থানত ধূমপান আৰু ধপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ।

উল্লেখযোগ্য যে যিটো সময়ত ভাৰতত যানযট নিয়ন্ত্ৰৰ বাবে নিৰ্মাণ কৰা হৈছে এখনৰ পিছত সিখন অভাৰ ব্ৰিজ। ইয়াপ পৰিপেক্ষিতত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত নাই কোনোধৰণৰ যানযটৰ সমস্যা।

ইয়াৰোপৰি ভাৰতত যানবাহন আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন যানবাহন উলংঘাকাৰীৰ বাবে আইন প্ৰণয়ন কৰি আহিছে। ইয়াৰ পাছতো আৰক্ষী সক্ষম হোৱা নাই নিয়ম উলংঘা ৰখাবলৈ।

ট্ৰেফিক নিয়ম সঘনাই উলংঘা কৰাসকলক শিক্ষা দিবলৈ চৰকাৰে উলংঘাকাৰীৰ বিৰুদ্ধে আইনগত শাস্তি আৰু জৰিমনাৰ উপৰিও “name and shame” অৰ্থাৎ “নাম কোৱা লাজ দিয়া” নীতিও গ্ৰহণ কৰিছে। কিন্তু ভূটানত দায়িত্বত থকা যানবাহন আৰক্ষীয়ে কব লগা নহয় ৰ'ব

এখন দেশ! নবজে হুইচেল, নকয় ট্ৰেফিকে ৰ'ব, পথত কিন্তু ঠিকেই চলে গাড়ী মটৰ...
বিশ্বনাথত আমছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in