ডিজিটেল ডেস্কঃ নৱমী তথা দশমীৰ দিনটোতে সংঘটিত হ'ল এক ভয়ংকৰ অঘটন। দ্ৰুতবেগী এখন বাহন দ পুখুৰীত পৰাৰ ফলত মৃত্যু হৈছে ৭গৰাকীকৈ লোক। মৃত লোকসকলৰ ভিতৰত আছে মহিলা আৰু শিশুও।
প্ৰাপ্ত খবৰ অনুসৰি, দ্ৰুতগতিৰে আহি থকাৰ ফলত অনিয়ন্ত্ৰিত বাহনখন পৰেগৈ ৰাস্তাৰ কাষতে থকা দ পুখুৰীটোত। স্থানীয় ৰাইজে বাহনখন উদ্ধাৰ কৰে যদিও এজন যাত্ৰীৰহে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি, বাহনখনত মুঠ ৮গৰাকী যাত্ৰী আছিল। স্থানীয় ৰাইজে সদৰি কৰা অনুসৰি, উক্ত স্থানত যোৱা ১৫দিনৰ পূৰ্বেও এনে এক ঘটনা সংঘটিত হৈছিল। উল্লেখ্য যে, এই শোকাৱহ ঘটনাতো সংঘটিত হৈছে হাৰিয়ানাত। হাৰিয়ানাৰ কেথল জিলাৰ মুডড়ী অঞ্চলত সংঘটিত হৈছে এই ঘটনাটো। দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা লোকজন বাহনখনৰ চালক বুলি জানিব পৰা গৈছে।
Also Read: আমি পূজা নাচাওঁ, আমি পূজা দেখুৱাওঁ...