ডিজিটেল সংবাদ, বিহালীঃ বিহালীত সাংসদ ৰঞ্জিত দত্ত আৰু কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈছে। কংগ্ৰেছৰ টিকট লবলৈ জয়ন্ত বৰাই ৩কোটি টকা দিব লগা হৈছে বুলি সাংসদ ৰঞ্জিত দত্তই উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিছে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই।
জয়ন্ত বৰাই সাংসদ ৰঞ্জিত দত্তক কটাক্ষ কৰি কয় যে, মোক ৰঞ্জিত দত্তই পল্লৱলোচন দাসৰ বিৰূদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হ'ৱলৈ ৩ কোটি টকা দিম বুলি কৈছিল ৷মোক পল্লৱলোচনৰ বিৰূদ্ধে নিৰ্দলীয় খেলিৱলৈ ৰঞ্জিত দত্তই কৈছিল- তোক ৩ কোটি দি নিৰ্দলীয় খেলাম৷ মোৰ ৩ কোটি টকা তেখেতৰ হাতত জমা আছে৷ এইবোৰ মিছা কথা , এখনো পানো খোৱাব লগা হোৱা নাই ,ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ টিকট ল'বলৈ৷
জয়ন্ত বৰাই ৰঞ্জিত দত্তক কটাক্ষ কৰি লগতে কয়- তেখেতে মোক গাড্ডাৰ কৰিলে৷ সেইকাৰণে ভগৱানে স্বীকৃতি দিছে,ভাবিছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে স্বীকৃতি দিছে৷ ৩ কোটি ,৫ কোটি ৬ কোটি সেই কথা নাই,গোকাট মিছা কথা৷ তেখেত নিজে এজন মিছলীয়া মানুহ , মই তাৰ জ্বলন্ত প্ৰমাণ আছোঁ৷
কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লগতে কয়- ৩ কোটি মোক হে দিম বুলি কৈছিল, পল্লৱলোচৰ বিৰূদ্ধে নিৰ্দলীয় খেলিৱলৈ ৷ তেখেতৰ ঘৰত মাতি ১৩ জনকৈ মানুহ আছিল ,মণ্ডলৰ তিনিজন সভাপতি ,সম্পাদক আছিল , সুমন শৰ্মাই মধ্যস্থতা কৰিছিল৷ তাৰ মাজত বিহালী সমষ্টিৰ এজন চাহ জনগোষ্ঠীয় নেতাও আছিল৷ মোক ব্যৱহাৰ কৰিছিল৷মোৰ টিকটৰ কাৰণে গুৱাহাটী-দিল্লীত কথা পাতিম বুলি কৈছিল৷ তাৰোপিচত যদি চি এম চাৰে পল্লৱলোচনৰ নিক্ষেপ কৰে, টিকট প্ৰদান কৰে, তেতিয়া ৩ কোটি টকা দিম তোক ইলেকচন খেলাম পল্লৱলোচনক হৰুৱাবলৈ বুলি কৈছিল৷ মোৰ ৩ কোটি টকা তেখেতৰ ঘৰত জমা আছে এতিয়া দিলেই হ'ল৷
বিহালীৰ উন্নয়নৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। তেওঁ কয়- তেওঁ যিমান খিনি উন্নয়ণ কৰিলে ইমান খিনি উন্নয়ণ কৰা হ'লে আজি ডেৰ বছৰীয়া উপ নিৰ্বাচন জিকাবৰ কাৰণে গোটেই মন্ত্ৰী সভা খন উঠি আহিবলগীয়া নহ'লহেতেন৷ গতিকে তেখেতে কিমান উন্নয়ণ কৰিলে জলজল-পটপট বিহালীবাসীয়ে জানে৷ গোটেই খন মন্ত্ৰী-এমএলএ হোটেলে-হোটেলে বহি মানুহক মাতি -মাতি ইলেকচনৰ প্ৰচাৰ কাৰণে ব্যৱস্থা কৰি আছে,এইখিনিতে প্ৰমাণ হৈছে যে যোৱা ২৫ বছৰত তেখেতে কিমান উন্নয়ণ কৰিলে জলজল-পটপট হৈ আছে৷
উল্লেখ্য যে, সাংসদ ৰঞ্জিত দত্তই কৈছিল যে- কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী আছিল বাছৰ কণ্ডাক্টৰ৷ বাছৰ কণ্ডাক্টৰে ক'ৰ পৰা আল্লাউদ্দিনৰ চাকি লৈ আহিল যে ৩ কোটি টকা দি কংগ্ৰেছৰ টিকট কিনিলে৷ এই মন্তব্যৰ পাছতে সাংসদ ৰঞ্জিত দত্তক এনেদৰে প্ৰত্যুত্তৰ দিয়ে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে।