বিহালীত ৰাজ্যিক ভিত্তিত বীৰ বীৰছা মুণ্ডা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ...

বিহালীত ৰাজ্যিক ভিত্তিত বীৰ বীৰছা মুণ্ডা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ...
Published on
Updated on

ডিজিটেল সংবাদ, বিহালীঃ দেওবাৰৰ পৰা বিশ্বনাথ জিলাৰ বিহালী চাহ বাগিছাৰ বেদেতী চাহ বাগিছা খেল পথাৰত সদৌ অসম ভিত্তিত তৃতীয় বাৰ্ষিক শ্বহীদ বীৰ বীৰছা মুণ্ডা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা খন আৰম্ভ হয়৷

আৰম্ভণী খেলখন নগাঁও ফুটবল একাদশ বনাম অৰুণাচল ফুটবল দলৰ মাজত অনুষ্ঠিত হয়৷ অৰুণাচল ফুটবল দলে নগাঁও ফুটবল একাদশক ৪-১গলৰ ব্যৱধানত জয় লাভ কৰে।

ৰাজ্যিক ভিত্তিত আয়োজিত খেলত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে খেল উদযাপন সমিতিৰ সভাপতি তথা তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, ৰাজ্যিক বিজেপিৰ এছ চি মৰ্চাৰ উপ-সভাপতি চিৰঞ্জীৱ পাঠক সহ বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in