কংগ্ৰেছ তথা বিৰোধীক তুলা-ধূনা দি বিহালীত নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ...

কংগ্ৰেছ তথা বিৰোধীক তুলা-ধূনা দি বিহালীত নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ...

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ তথা বিৰোধীক তুলা-ধূনা দি বিহালীত নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ...

ডিজিটেল ডেস্কঃ "ৰাইজৰ আস্থা-বিশ্বাস, সঁহাৰি-সমৰ্থন পূৰ্ণোদ্যমে অটুট আছে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এনডিএ-ৰ পক্ষত, কিয়নো মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভং"ৰাইজৰ আস্থা-বিশ্বাস, সঁহাৰি-সমৰ্থন পূৰ্ণোদ্যমে অটুট আছে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এনডিএ-ৰ পক্ষত, কিয়নো মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগী আৰু দ্বৈত ইঞ্জিন চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত এক নৱজাগৰণৰ সূচনা কৰি সৰ্বস্তৰৰ ৰাইজক উপকৃত কৰিছে। বিহালীৰ ৰাইজৰো সৰ্বাংগীণ উন্নয়নৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰিবলৈ এনডিএ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালক বিপুল ভোটত বিজয়ী কৰোৱাৰ বাবে ৰাইজক আন্তৰিক আহ্বান জনালোঁ।"- বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এনডিএ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ সমৰ্থনত আজি বৰজাৰণি আৰু বেদেতীত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে আৰু ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত উল্লেখ কৰে, "অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নৰ হকে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে নিষ্ঠাৰে কাম কৰি আহিছে। "সবকা সাথ, সবকা বিকাশ" মূলমন্ত্ৰেৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলোৰে সম-মৰ্যাদা, সম-বিকাশ আৰু সম-অধিকাৰৰ বাবে কাম কৰি আছে। আজি যিধৰণে চাহ জনজাতীয় সমাজ সুসংগঠিত হৈছে, উন্নয়নৰ নতুন দিগন্ত অভিমুখে ধাৱমান হৈছে, সেয়া প্ৰত্যক্ষ কৰি মই অতিশয় আনন্দিত হওঁ।

চাহ জনগোষ্ঠীয় সমাজ বাৰেবৰণীয়া বৃহত্তৰ অসমীয়া সমাজখনত এটা উজ্জ্বল ৰং হিচাপে উজলি আছে। সম্প্ৰতি অসমৰ চাহ উদ‍্যোগৰ ইতিমধ্যে ২০০ বছৰ সম্পূৰ্ণ হ'ল। এই উদ‍্যোগটোৱে কেৱল অসমকেই বিশ্ববিখ্যাত কৰা নাই, ভাৰতকো বিশ্ববিখ্যাত কৰিছে। দুশ বছৰীয়া এই চাহ উদ‍্যোগৰ অন্তৰালত আছে আমাৰ পৰম শ্ৰদ্ধাৰ চাহ শ্ৰমিক ৰাইজৰ অপৰিসীম কষ্ট, ত্যাগ আৰু সহিষ্ণুতাৰ গাথা। চাহ জনগোষ্ঠীয় ৰাইজৰ সুবিধাৰ্থে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰণয়ন কৰিলে বিভিন্ন কল্যাণকামী আঁচনি।

জন ধন যোজনা, উজ্জ্বলা, স্বচ্ছ ভাৰত অভিযান, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি বিভিন্ন ধৰণৰ আঁচনিয়েও চাহ জনগোষ্ঠীৰ জীৱন ধাৰণৰ মান উন্নীত কৰিছে। পিছে কংগ্ৰেছে ৬০ বছৰকাল কেৱল লুণ্ঠন কৰিয়েই কটালে‌। কংগ্ৰেছৰ কামেই আছিল বিভাজন কৰা আৰু ৰাজত্ব কৰা, দুৰ্নীতি কৰা আৰু ভ্ৰষ্টাচাৰ কৰা। দৰিদ্ৰ লোকৰ বাবে আবণ্টিত পুঁজি আত্মসাৎ কৰাটো আছিল কংগ্ৰেছৰ নীতি। কিন্তু বিজেপি চৰকাৰে চাহ বাগিচা অঞ্চলৰ উন্নতিৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ বাবে মহিলা শক্তিৰ সহযোগিতাও অপৰিসীম। তদুপৰি গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ বাবেও আমাৰ দ্বৈত ইঞ্জিন চৰকাৰে কেতবোৰ অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া গোৰ্খা জনগোষ্ঠীয়ে সকলো দিশতে সমানেই আগুৱাই গৈছে। অসমৰ জাতীয় জীৱনত গোৰ্খাসকলৰ অৱদান অপৰিসীম।"

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, "মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত দেশজুৰি যি উন্নয়নৰ লহৰৰ সূচনা হৈছে, সেয়া ১০ বছৰৰ পূৰ্বে অকল্পনীয় আছিল। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল সৰ্বাংগীণ উন্নয়নৰ শক্তিকেন্দ্ৰ হৈ পৰিছে। ইতিমধ্যে বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱা আমাৰ ভাৰতবৰ্ষই ২০৩০ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে।

মোদী ডাঙৰীয়াই সকলো প্ৰত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সৰ্বস্তৰৰ ৰাইজৰ সবলীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অৱহেলিত উত্তৰ-পূৰ্বাঞ্চললৈ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে ৬৫ বাৰতকৈও অধিক আহিছে। এতিয়ালৈকে দেশৰ যিকোনো প্ৰধানমন্ত্ৰীৰ দ্বাৰা এয়া হৈছে উত্তৰ-পূবলৈ সৰ্বাধিক আগমন। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ দিশতো আমাৰ চৰকাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰিছে। কংগ্ৰেছ মানেই সাম্প্ৰদায়িকতা, কংগ্ৰেছ মানেই দুৰ্নীতি, কংগ্ৰেছ মানেই সংঘাত।

কংগ্ৰেছৰ দিনত দশক দশকজুৰি দুৰ্নীতি, শোষণ, হত্যা-হিংসা আৰু অপশাসনৰ ভয়াৱহ সময়ৰ সাক্ষী হৈ ৰোৱা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগকে ধৰি বিভিন্ন দিশৰ বিকাশৰ বাবে মোদী চৰকাৰে কোটি কোটি টকাৰ অনুদান আগবঢ়াইছে। ২০১৪ চনৰ পৰা অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ গৌৰৱ পুনৰুজ্জীৱিত কৰাৰ বাবে মোদী ডাঙৰীয়াই কৰ্মৰাজিৰ মাজেৰে অতুলনীয় দৃষ্টান্ত দাঙি ধৰিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কল্পনা কৰা অনুসৰি ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি এখন বিকশিত ভাৰত গঢ়াৰ পণ লওঁ আহক।" "শান্তি, সমৃদ্ধি আৰু বিকাশৰ বাবে ভোট দিয়ক পদুম ফুলৰ চিনত", কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে।

আজিৰ এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰী সঞ্জয় কিষাণ আৰু শ্ৰী পীযুষ হাজৰিকা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদদ্বয় শ্ৰী ৰঞ্জিত দত্ত আৰু শ্ৰী ৰামেশ্বৰ তেলী, বিধায়কসকল- শ্ৰী ভুৱন পেগু, শ্ৰী দিগন্ত কলিতা, শ্ৰী অমিয় কুমাৰ ভূঞা, শ্ৰী মানৱ ডেকা প্ৰমুখ্যে বিজেপি আৰু মিত্ৰজোঁটৰ দলীয় বিষয়ববীয়া, কাৰ্যকৰ্তাসকল।গী আৰু দ্বৈত ইঞ্জিন চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত এক নৱজাগৰণৰ সূচনা কৰি সৰ্বস্তৰৰ ৰাইজক উপকৃত কৰিছে।

বিহালীৰ ৰাইজৰো সৰ্বাংগীণ উন্নয়নৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰিবলৈ এনডিএ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালক বিপুল ভোটত বিজয়ী কৰোৱাৰ বাবে ৰাইজক আন্তৰিক আহ্বান জনালোঁ।"- বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এনডিএ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ সমৰ্থনত আজি বৰজাৰণি আৰু বেদেতীত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে আৰু ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত উল্লেখ কৰে, "অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নৰ হকে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে নিষ্ঠাৰে কাম কৰি আহিছে। "সবকা সাথ, সবকা বিকাশ" মূলমন্ত্ৰেৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলোৰে সম-মৰ্যাদা, সম-বিকাশ আৰু সম-অধিকাৰৰ বাবে কাম কৰি আছে। আজি যিধৰণে চাহ জনজাতীয় সমাজ সুসংগঠিত হৈছে, উন্নয়নৰ নতুন দিগন্ত অভিমুখে ধাৱমান হৈছে, সেয়া প্ৰত্যক্ষ কৰি মই অতিশয় আনন্দিত হওঁ। চাহ জনগোষ্ঠীয় সমাজ বাৰেবৰণীয়া বৃহত্তৰ অসমীয়া সমাজখনত এটা উজ্জ্বল ৰং হিচাপে উজলি আছে।

সম্প্ৰতি অসমৰ চাহ উদ‍্যোগৰ ইতিমধ্যে ২০০ বছৰ সম্পূৰ্ণ হ'ল। এই উদ‍্যোগটোৱে কেৱল অসমকেই বিশ্ববিখ্যাত কৰা নাই, ভাৰতকো বিশ্ববিখ্যাত কৰিছে। দুশ বছৰীয়া এই চাহ উদ‍্যোগৰ অন্তৰালত আছে আমাৰ পৰম শ্ৰদ্ধাৰ চাহ শ্ৰমিক ৰাইজৰ অপৰিসীম কষ্ট, ত্যাগ আৰু সহিষ্ণুতাৰ গাথা। চাহ জনগোষ্ঠীয় ৰাইজৰ সুবিধাৰ্থে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰণয়ন কৰিলে বিভিন্ন কল্যাণকামী আঁচনি। জন ধন যোজনা, উজ্জ্বলা, স্বচ্ছ ভাৰত অভিযান, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি বিভিন্ন ধৰণৰ আঁচনিয়েও চাহ জনগোষ্ঠীৰ জীৱন ধাৰণৰ মান উন্নীত কৰিছে। পিছে কংগ্ৰেছে ৬০ বছৰকাল কেৱল লুণ্ঠন কৰিয়েই কটালে‌। কংগ্ৰেছৰ কামেই আছিল বিভাজন কৰা আৰু ৰাজত্ব কৰা, দুৰ্নীতি কৰা আৰু ভ্ৰষ্টাচাৰ কৰা।

দৰিদ্ৰ লোকৰ বাবে আবণ্টিত পুঁজি আত্মসাৎ কৰাটো আছিল কংগ্ৰেছৰ নীতি। কিন্তু বিজেপি চৰকাৰে চাহ বাগিচা অঞ্চলৰ উন্নতিৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে মহিলা শক্তিৰ সহযোগিতাও অপৰিসীম। তদুপৰি গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ বাবেও আমাৰ দ্বৈত ইঞ্জিন চৰকাৰে কেতবোৰ অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া গোৰ্খা জনগোষ্ঠীয়ে সকলো দিশতে সমানেই আগুৱাই গৈছে। অসমৰ জাতীয় জীৱনত গোৰ্খাসকলৰ অৱদান অপৰিসীম।"

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, "মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত দেশজুৰি যি উন্নয়নৰ লহৰৰ সূচনা হৈছে, সেয়া ১০ বছৰৰ পূৰ্বে অকল্পনীয় আছিল। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল সৰ্বাংগীণ উন্নয়নৰ শক্তিকেন্দ্ৰ হৈ পৰিছে। ইতিমধ্যে বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱা আমাৰ ভাৰতবৰ্ষই ২০৩০ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। মোদী ডাঙৰীয়াই সকলো প্ৰত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সৰ্বস্তৰৰ ৰাইজৰ সবলীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অৱহেলিত উত্তৰ-পূৰ্বাঞ্চললৈ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে ৬৫ বাৰতকৈও অধিক আহিছে। এতিয়ালৈকে দেশৰ যিকোনো প্ৰধানমন্ত্ৰীৰ দ্বাৰা এয়া হৈছে উত্তৰ-পূবলৈ সৰ্বাধিক আগমন। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ দিশতো আমাৰ চৰকাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰিছে। কংগ্ৰেছ মানেই সাম্প্ৰদায়িকতা, কংগ্ৰেছ মানেই দুৰ্নীতি, কংগ্ৰেছ মানেই সংঘাত। কংগ্ৰেছৰ দিনত দশক দশকজুৰি দুৰ্নীতি, শোষণ, হত্যা-হিংসা আৰু অপশাসনৰ ভয়াৱহ সময়ৰ সাক্ষী হৈ ৰোৱা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগকে ধৰি বিভিন্ন দিশৰ বিকাশৰ বাবে মোদী চৰকাৰে কোটি কোটি টকাৰ অনুদান আগবঢ়াইছে।

২০১৪ চনৰ পৰা অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ গৌৰৱ পুনৰুজ্জীৱিত কৰাৰ বাবে মোদী ডাঙৰীয়াই কৰ্মৰাজিৰ মাজেৰে অতুলনীয় দৃষ্টান্ত দাঙি ধৰিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কল্পনা কৰা অনুসৰি ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি এখন বিকশিত ভাৰত গঢ়াৰ পণ লওঁ আহক।" শান্তি, সমৃদ্ধি আৰু বিকাশৰ বাবে ভোট দিয়ক পদুম ফুলৰ চিনত", কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে।

আজিৰ এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰী সঞ্জয় কিষাণ আৰু শ্ৰী পীযুষ হাজৰিকা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদদ্বয় শ্ৰী ৰঞ্জিত দত্ত আৰু শ্ৰী ৰামেশ্বৰ তেলী, বিধায়কসকল- শ্ৰী ভুৱন পেগু, শ্ৰী দিগন্ত কলিতা, শ্ৰী অমিয় কুমাৰ ভূঞা, শ্ৰী মানৱ ডেকা প্ৰমুখ্যে বিজেপি আৰু মিত্ৰজোঁটৰ দলীয় বিষয়ববীয়া, কাৰ্যকৰ্তাসকল।

কংগ্ৰেছ বিজেপি সৰ্বানন্দ সোণোৱাল