বিহালীক লৈ কংগ্ৰেছৰ সিদ্ধান্তই শেষ আৰু চূড়ান্ত সিদ্ধান্ত...

বিহালীক লৈ কংগ্ৰেছৰ সিদ্ধান্তই শেষ আৰু চূড়ান্ত সিদ্ধান্ত...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিহালী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজিও অসম সন্মিলিত মৰ্চাই প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব নোৱাৰিলে। হোটেল লিলিত বৈঠকৰ পাছত বৈঠক অনুষ্ঠিত কৰিও চূড়ান্ত এক সিদ্ধান্তত উপনীত হ'ব পৰা নাই অসম সন্মিলিত মৰ্চা।

মঙলবাৰে অসম সন্মিলিত মৰ্চাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ পাছত অজিত কুমাৰ ভূঞাই সংবাদমেল সম্বোধন কৰি কয় যে, অসম সন্মিলিত মৰ্চাৰ বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ বাবে কংগ্ৰেছৰ সিদ্ধান্তলৈ বাট চাইছে। আমি কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ সৈতে বহুবাৰ কথা পাতিছো।

ভূঞাই লগতে কয় যে, জীতেন্দ্ৰ সিঙেও সন্মিলিত মৰ্চাৰ সিদ্ধান্তৰ ওপৰতে গুৰুত্ব দিছে। আমি তেখেতক এতিয়ালৈকে বিহালী সমষ্টিক লৈ দুখনকৈ প্ৰতিবেদন দাখিল কৰিছো। সেই প্ৰতিবেদনৰ ভিত্তিতে বুধবাৰে পুৱা ১০বজাৰ আগত কংগ্ৰেছে নিজৰ চূড়ান্ত সিদ্ধান্ত অৱগত কৰিব আৰু তাৰ পিছতে বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি ৰাজহুৱা কৰিম।

মুঠৰ ওপৰত এতিয়া কংগ্ৰেছৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিছে বিহালী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজিও অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থীৰ নাম। এতিয়া বুধবাৰে পুৱা ১০বজাতহে স্পষ্ট হ'ব যে কংগ্ৰেছে বিহালী সমষ্টিৰ বাবে নিজ দলৰ নে অসম সন্মিলিত মৰ্চাৰ উমৈহতীয়া প্ৰাৰ্থী নিক্ষেপ কৰে।

বিহালীক লৈ কংগ্ৰেছৰ সিদ্ধান্তই শেষ আৰু চূড়ান্ত সিদ্ধান্ত...
আয়'ডিনৰ অভাৱ : মৰিগাঁৱত বিশ্ব প্ৰতিৰোধ দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in