এবাৰ, দুবাৰ, তিনিবাৰঃ পুনৰ ভাগিল বিহাৰৰ ভাগলপুৰ দলং...

এবাৰ, দুবাৰ, তিনিবাৰঃ পুনৰ ভাগিল বিহাৰৰ ভাগলপুৰ দলং...

author-image
Asomiya Pratidin
New Update
এবাৰ, দুবাৰ, তিনিবাৰঃ পুনৰ ভাগিল বিহাৰৰ ভাগলপুৰ দলং...

ডিজিটেল ডেস্কঃ পুনৰ ভাগিল বিহাৰৰ ভাগলপুৰ-চুলতানগঞ্জৰ মাজত নিৰ্মাণ কৰি থকা সেই দলং খন। বাৰে বাৰে নিৰ্মাণ কৰিও ৰখাব পৰা নাই উক্ত দলংখন। একেৰাহে তৃতীয়বাৰৰ বাবে খঁহি পৰিল এছ পি ছিংলা কোম্পানীয়ে নিৰ্মাণ কৰি থকা দলংখন।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এছ পি ছিংলা হৈছে সেইটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান, যিটোৱে নিৰ্মাণ কৰি আছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন। এই প্ৰতিষ্ঠানটোৱে বিহাৰৰ গংগা নদীৰ ওপৰত নিৰ্মাণ কৰি থকা দলংখনৰ এটা অংশ তৃতীয়বাৰৰ বাবে খঁহি পৰে।

বিহাৰ চৰকাৰে এই দলংখন নিৰ্মাণৰ বাবে ১৭১০.৭৭কোটি টকা ধাৰ্য কৰিছিল। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২০১৪ৰ ২৩ফেব্ৰুৱাৰীত এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। উত্তৰ আৰু দক্ষিণ বিহাৰ সংযোগী এই দলংখনৰ দৈঘ্য আছিল ৩.১৬০কিলোমিটাৰ।

দলংখন নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈছিলহে মাথোঁ। ২০২২ৰ ২৭এপ্ৰিলত এই দলংখনৰ এটা অংশ খঁহি পৰে। দলংখনৰ ১০০ফুটঁ খঁহি পৰাৰ পাছতে বিহাৰ উচ্চ ন্যায়ালয়ে জৱাবদিহি কৰিছিল এছ পি ছিংলা গ্ৰুপক। সেই সময়ত দলংখনৰ প্ৰায় ৮০শতাংশ কাম সম্পৰ্ণ হৈ উঠিছিল বুলি দাবী কৰিছিল নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে।

ইয়াৰ পিছতে দলংখনৰ কাম পুনৰ আৰম্ভ হৈছিল। কিন্তু ২০২৩ৰ ৪জুনত এই দলংখন পুনৰ ভাগি পৰে। দলংখনৰ ১০, ১১ আৰু ১২নং খুঁটা সম্পূৰ্ণৰূপে ধ্বংস হৈ পানীত পৰি যায় আৰু দলংখনৰ ২০০মিটাৰ অংশ পুনৰ ভাগি পৰে।

দ্বিতীয়বাৰৰ বাবে দলংখনৰ ভাঙি পৰাৰ পাছত বিহাৰ উচ্চ ন্যায়ালয়ে এই কাম স্থগিত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে। কিন্তু বিহাৰ চৰকাৰে অতিৰিক্ত পুঁজি ধাৰ্য কৰি পুনৰ এছ পি ছিংলাক কাম আৰম্ভ কৰিবলৈ সেউজ সংকেত প্ৰদান কৰে।

কাম আৰম্ভ হোৱা এটা বছৰ নৌহওঁতেই পুনৰ ভাগি পৰে এই দলংখন। এইবাৰ ৯ আৰু ১০নং খুঁটা অংশ ভাগি পৰে। ইফালে নাও বুৰিলেও টিঙৰ পৰা ননমা এছ পি ছিংগা গ্ৰুপে দাবী কৰিছে যে, এয়া তেওঁলোকৰ নিম্নমানৰ কামৰ বাবে নহয়, বৰঞ্চ নদীৰ গভীৰতা আৰু নদীপৃষ্ঠৰ কিছু বিসংগতিৰ বাবেহে সংঘটিত হৈছে। তেওঁলোকে দাবী কৰিছে যে, অত্যাধুনিক কৌশল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে এই দলংখন।

ইফালে এই ঘটনাৰ পাছতে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰি থকা দলংখনক লৈও সচেতন মহলৰ মাজত চিন্তাৰ উদ্বেগ ঘটিছে। কিয়নো এছ পি ছিংলাই নিৰ্মাণ কৰি থকা এই দলংখনৰ নিৰ্মাণকাৰ্যক লৈও প্ৰশ্নৰ উত্থাপন হৈছে। সচেতন মহলে দাবী কৰিছে যে, এই দলংখনৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক চৰকাৰে।

অৱশ্যে এটা কথাও ঠিক যে, ইতিমধ্যে গুৱাহাটী- উত্তৰ গুৱাহাটীৰ মাজৰ দলঙখনৰ খুঁটাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। বৰ্তমান দলংখনৰ ওপৰভাগৰ কাম চলি আছে। প্ৰায় ১০টা খুঁটাৰ ওপৰত নিৰ্মাণ কৰা হৈছে দলংখন। ১৩৬টা কেবলেৰে ধৰি ৰাখিব এই দলংখনৰ অধিকাংশ অংশ।  

Also Read: ঘোষণা হ'ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : আইমী বৰুৱা আৰু পাৰ্থ সাৰথি মহন্তৰ তথ্যচিত্ৰলৈ বিচাৰকৰ বিশেষ বঁটা

বিহাৰ