সর্বানন্দ সোণোৱালে আয়োজন কৰা 'ৰঙালীৰ এনাজৰী' অনুষ্ঠানত ৰেখা গুপ্তা, কিৰেণ ৰিজিজুৰ অংশগ্ৰহণ

বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীৰ চৰকাৰী বাসভৱনত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আয়োজন কৰা 'ৰঙালীৰ এনাজৰী' শীর্ষক অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
 'ৰঙালীৰ এনাজৰী' শীর্ষক অনুষ্ঠান

'ৰঙালীৰ এনাজৰী' শীর্ষক অনুষ্ঠান

ডিজিটেল ডেস্ক: ৰঙালী বিহুৰ উছাহৰ মাজত বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীৰ চৰকাৰী বাসভৱনত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আয়োজন কৰা 'ৰঙালীৰ এনাজৰী' শীর্ষক অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু প্ৰমুখ্যে কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি, দিল্লীস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ আৰু শিল্পীসকলে অংশগ্ৰহণ কৰে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ জনাই সকলোৰে সুখ-সমৃদ্ধি কামনা কৰে। অসমৰ জনপ্রিয় কণ্ঠশিল্পী নীলোৎপল বৰা, সুৰেখা চেত্ৰী, যুতিমালা বুঢ়াগোহাঁইকে ধৰি কেইবাগৰাকীও শিল্পীয়ে সংগীত অনুষ্ঠান পৰিৱেশন কৰি ৰঙালীৰ এনাজৰী শীৰ্ষক অনুষ্ঠানটি মুখৰিত কৰি তোলে।

অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক এই সুন্দৰ বিহুৰ আয়োজনৰ বাবে ধন্যবাদ জনায় আৰু সদৰি কৰে, "ৰঙালী বিহুৱে সমন্বয়, সম্ভাৱনাৰ বতৰা কঢ়িয়াই জনজীৱনলৈ নতুন উৎসাহৰ বতৰা আনিছে। ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ ৰঙালী বিহুৱে সকলোৰে জীৱন ৰঙীন কৰি তোলক আৰু একতাৰ বান্ধোন সুদৃঢ় কৰি প্ৰগতি আৰু সমৃদ্ধিৰ ন বাটেৰে আগুৱাই যাবলৈ সকলোকে উদ্বুদ্ধ কৰক, তাৰেই কামনা কৰিলোঁ। ভাৰতীয় সংস্কৃতিৰ বিবিধতাৰ মাজতে আছে ঐক্যৰ প্ৰতিচ্ছবি, সমন্বয়ৰ সুৰ। ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ প্ৰাণৱন্ত সময়ত মই সমূহ অসমবাসীলৈ আন্তৰিক ওলগ জনালোঁ আৰু সকলোৰে কুশল-মংগল, শ্রীবৃদ্ধিৰ কামনা কৰিলোঁ" বুলি উল্লেখ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ অংশগ্ৰহণ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ অংশগ্ৰহণ

আনহাতে ভাষণ প্রসংগত কেন্দ্রীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অসম-অৰুণাচল প্ৰদেশৰ সাতামপুৰুষীয়া সমন্বয়ৰ বিষয়েও উল্লেখ কৰে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জাতি-জনগোষ্ঠীসমূহৰ একতাৰ বান্ধোনে কিদৰে দেশৰ বিকাশ ইঞ্জিন শক্তিশালী কৰিছে, সেই বিষয়ে ব্যক্ত কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ চহকী কলা-সংস্কৃতিয়ে দেশৰ বৈচিত্রময় সাংস্কৃতিক পৰম্পৰাক সমৃদ্ধ কৰি আহিছে বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

 উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু
উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

সর্বানন্দ সোণোৱাল কিৰেণ ৰিজিজু দিল্লী