ডিজিটেল ডেস্ক : বিহু অসমীয়াৰ আয়ুসৰেখা। বিহু অসমীয়াৰ চিনাকি, বিহু অসমীয়াৰ আৱেগ। জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰিব পৰাৰ বাবেই হয়তো বিহুক লোক সংস্কৃতিৰ দপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰা হয়।মনৰ স্ফূৰ্তি প্ৰকাশৰে নৃত্য-গীত- মাতেৰে অসমীয়াই বিহু পালন কৰি একতাৰ এনাজৰীডাল শক্তিশালী কৰি ৰাখিছে। জাতিটোৰ ঐতিহ্য বহন কৰা বিহু উৎসৱটি উদযাপন কৰিবৰ বাবে আমি অতীজৰে পৰা বিভিন্ন লোক বাদ্য ব্যৱহাৰ কৰি আহিছো। ইয়াৰে ভিতৰত অন্যতম-
ঢোল
অসমীয়াৰ বিহু আৰু ঢোল যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠিহে।বিহুৰ বতৰত ঢুলীয়াই কান্ধত ঢোলটো লৈ নাচনীক নচুৱাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে।ঢোলৰ চেও শুনিলে ডেকা-বুঢ়া সকলোয়েই এপাক ননচাকৈ থাকিব নোৱাৰে। অসমৰ ভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলেও বিভিন্ন সময়ত তেওঁলোকৰ নিজা ঢোল ব্যৱহাৰ কৰে।ইয়াৰ ভিতৰত ওজা ঢোল, খৰাম, ঢেপা ঢোল, জয় ঢোল, মাদল, বৰ ঢোল আদি বিশেষভাৱে উল্লেখনীয়।
পেঁপা
বিহুৰ এক অনৱদ্য অংগ হ’ল পেঁপা।ম’হৰ শিঙেৰে এই পেঁপা তৈয়াৰ কৰা হয়।পেঁপাই অসমীয়া সংস্কৃতিত চীন-তিব্বতীয় সংস্কৃতিৰ প্ৰভাৱৰ বিষয়ে প্ৰতিফলিত কৰে।পেঁপা আৱিস্কাৰৰ ক্ষেত্ৰত হেনো ম’হৰখীয়া সকলৰ বিশেষ অৱদান আছে।পেঁপা বজোৱাজনক ‘পেঁপুৱা’ বুলি সম্বোধন কৰা হয়। পেপাঁক মিচিং সম্প্ৰদায়ৰ লোকসকলে ‘পেম্পা’, ডিমাছাসকলে ‘সুৰী’, ৰাভাসকলে ‘সিংগৰা’ আৰু আদিবাসীসকলে ‘পেঁপাটি’ বুলি নামকৰণ কৰিছে।
তাল
বিহুৰ আন এক গুৰুত্বপূৰ্ণ বাদ্য হ’ল তাল। তাল মূলত কাঁহ অথবা পিতলৰে তৈয়াৰী।অকৃতিৰ ওপৰত ভিত্তি কৰি তালক কেইবাপ্ৰকাৰৰে নাম দিয়া হৈছে। সেয়া হ’ল-ভোৰ তাল বা বৰ তাল, মাজু তাল, খুটি তাল বা সৰু তাল, ৰাম তাল বা খৰি তাল আৰু বিহু তাল।উল্লেখ্য, হিন্দু ধৰ্মীয় শাস্ত্ৰত ‘কৰ তাল’ৰ নাম উল্লেখ আছে।
গগনা
বিহুগীতত স্থান দখল কৰা আন এটি বিশেষ বাদ্য হ’ল গগনা।বিশেষভাৱে বাঁহেৰে তৈয়াৰ কৰা গগনা মংগোলীয় জনগোষ্ঠীয় অৱদান। গগনা ওঁঠৰে চেপি ধৰি আঙুলিৰেৰে বজোৱা হয়।দেখিবলৈ সৰু যদিও ইয়াক সাজি উলিওৱা পদ্ধতি বহু জটিল।গগনা বিশেষকৈ দুই প্ৰকাৰৰ। বিহুৱাই বজোৱা গগনাক ‘ৰামধন গগনা’ আৰু বিহুৱতীয়ে বজোৱা গগনাক ‘লাহৰী গগনা’ বুলি জনা যায়।
বাঁহী
বাঁহী অসমীয়া সংস্কৃতি তথা বিহুৰ এক অপৰিহাৰ্য্য বাদ্য।আনহাতে, বাঁহী ভগৱান শ্ৰীকৃষ্ণৰো বাদ্য।সেয়েহে বাঁহীৰ ব্যৱহাৰ আমাৰ সমাজত শ্ৰদ্ধেয়।অসমৰ বিভিন্ন জনগোষ্ঠীয় সংগীততো বাঁহীৰ ব্যৱহাৰ কৰা হয়। আনহাতে, দেওধনী নৃত্য, বৰগীত, কামৰুপী লোকগীত, ৰাস তথা ভাওঁনাতো বাঁহীৰ ব্যৱহাৰ উল্লেখনীয়।
সুতুলী
বিহুগীতত ব্যৱহৃত আন এবিধ বিশেষ বাদ্য হ’ল সুতুলী।সুতুলী মাটিৰে তৈয়াৰ কৰা হয়।য’ত দুই বা তাতোধিক ছিদ্ৰৰ দ্বাৰা সুৰ সৃষ্টি কৰা হয়।জনবিশ্বাস মতে, সুতুলীৰ মাতত বোলে বৰষুণ আহে । সুতুলী বিহুৱা তথা বিহুৱতী দুয়োয়ে বজাব পাৰে।
টকা
বাঁহৰে তৈয়াৰ কৰা এক বিশেষ বাদ্য হ’ল টকা । টকা প্ৰস্তুত কৰাৰ পদ্ধতি সহজ হোৱাৰ বাবে এইবিধ বাদ্য অতি সহজলভ্য।গাভৰু বিহু আৰু জেং বিহুৰ মূল বাদ্য টকা । টকা মূলত তিনি প্ৰকাৰৰ । পাতি টকা বা হাত টকা, বৰ টকা বা মাটি টকা আৰু জেং টকা বা ধুতং ।
খোল
খোল অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ । খোলক ধৰ্মীয় বাদ্য বুলিও অভিহিত কৰা হয়। বিহু-হুঁচৰিত খোলৰ ব্যৱহাৰৰ লগতে গায়ন-বায়ন , থিয়নাম, ভাওঁনা , বৰগীত , বৰাগী গীত আদিত খোল বাদন কৰা হয়।
নাগাৰা
অসমীয়াৰ বিহু হুঁচৰিত ব্যৱহৃত এক বিশেষ বাদ্য নাগাৰা। নাগাৰাক অসমৰ ভিন্ন অঞ্চলভেদে নেগেৰা বুলিও কোৱা হয়।নাগাৰা মাটি, কাঠ অথবা বাঁহৰ খোলা সাজি সেই খোলাৰ মূখত জন্তুৰ ছালেৰো বন্ধ কৰি দুডাল মাৰিৰ সহায়ত বজোৱা হয়। সাধাৰণতে দুটা নাগাৰা বজোৱা হয় যদিও পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে কোনোৱে তাতকৈ অধিক নাগাৰাও বজোৱা পৰিলক্ষিত হয়।আনহাতে, নামনি অসমৰ এক পৰিবেশ্য কলা হৈছে নাগাৰা নাম।সেয়েহে সংস্কৃতিৰ পথাৰত নাগাৰাৰ এক সুকীয়া পৰিচয় আছে বুলি গণ্য কৰা হয়।
Also Read: Wildlife Sanctuaries in Assam: পৰ্যটকক আকৰ্ষিত কৰা অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য