গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মালৈ সেউজ সাংবাদিকতা বঁটা

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মালৈ সেউজ সাংবাদিকতা বঁটা
Published on
Updated on

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটৰ এজন জ্যেষ্ঠ সাংবাদিক তথা লেখক বিকাশ শৰ্মালৈ ”সেউজ সাংবাদিকতা বঁটা-২০২৪” আগবঢ়োৱা হৈছে ৷ গোলাঘাটৰ এক আগশাৰী স্বেচ্ছাসেৱী সংগঠন শ্ৰীমন্ত শংকৰদেৱ ফাউণ্ডেচনৰ সভাপতি শুভাংশু বৰাই এই কথা জানিবলৈ দি কয় যে জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাই সৰুৰে পৰাই প্ৰকৃতি সংৰক্ষণৰ বাবে বিভিন্ন ক্ষেত্ৰত অৰিহনা যোগাই আহিছে৷ ইয়াৰ লগতে গোলাঘাট শাখা সাহিত্য সভাৰ দ্বাৰা আয়োজিত প্ৰয়াত নগেন্দ্ৰনাথ গোস্বামী সোঁৱৰণী শিশু উপন্যাস প্ৰতিযোগিতাত (১৯৯৫-৯৬) তেওঁৰ দ্বাৰা লিখিত “নামবৰত ৰাজু নিতু আৰু চন্দ” নামৰ প্ৰকৃতি বিষয়ক উপন্যাস খনে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।

তেওঁ ৰাইজৰ মাজত প্ৰকৃতি আৰু বণ্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত জাগৰণ সৃষ্টি কৰাত এক উল্লেখনীয় বৰঙনি আগবঢ়াইছে ৷জ্যেষ্ঠ সাংবাদিক শৰ্মা এতিয়া অসুস্থ ৷ সেয়েহে ২৫ জুলাইৰ দিনা গোলাঘাটৰ পুৰণা আমোলাপট্টিৰ তেওঁৰ নিজা বাসভৱনলৈ গৈ সংগঠনটোৱে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিব। এই বিশেষ অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰা লগতে আন শুভাকাংক্ষীয়ে সম্বৰ্ধনা জনাব বিচাৰিলে শুভাংশু বৰাৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মালৈ সেউজ সাংবাদিকতা বঁটা
উৰিয়াগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in