বৰষুণ ক'ত...

বৰষুণ ক'ত...

author-image
Asomiya Pratidin
New Update
বৰষুণ ক'ত...

লক্ষ্মীপ্ৰিয়া দত্ত

ক'ৰ এজাক সপোন যেন বৰষুণ/ ধূলিৰ ওৰণি ঠেলি ভাঁহি আহে, ভাঁহি আহে...ঠিক এই গীতটোৰ দৰেই এতিয়াৰ পৰিৱেশ। ধূলিৰ ওৰণি ঠেলিবলৈ সপোন সপোন যেন লগা বৰষুণজাক এতিয়া নাই!

ৰাজ্যত এতিয়া বৰষুণ নাই। অভাৱনীয় হাৰত কমিছে বৰষুণৰ পৰিমাণ। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ সমান্তৰালভাৱে গৰমৰ উৰ্ধমুখী স্তৰ। উৎকট গৰমৰ গৰাহত জ্বলাকলা খাইছে ৰাজ্যবাসীয়ে। দিনক দিনে কমি আহিছে বৰষুণৰ পৰিমাণ ৷ বতৰৰ এই অস্বাভাৱিক পৰিৱৰ্তনে অশনি সংকেত কঢ়িয়াই আনিছে ৰাজ্যবাসীৰ বাবে ৷

বহুমুখী কাৰণৰ সৈতে এই পৰিঘটনাই জনস্বাস্থ্যৰ প্ৰতি গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ছবিয়ে জৈৱ-বৈচিত্ৰ্যত চহকী অসমৰ জনজীৱনলৈ ভয়াৱহ দিন কঢ়িয়াই আনিছে। যাৰ ফলত মে' মাহতে জুন- জুলাইৰ দৰে গৰমে দহিছে ৰাজ্যবাসীক।

একবিংশ শতিকাত জলবায়ু পৰিৱৰ্তন এক জলন্ত সমস্যা হৈ থিয় দিছে। গোলকীয় উত্তাপৰ বাবে পৃথিৱীৰ জলবায়ুৰ ব্যাপক পৰিৱৰ্তন হৈছে আৰু ইয়াৰ সকলো ধৰণৰ নেতিবাচক প্ৰভাৱৰ বোজা প্রথমেই বহন কৰিব লাগে পৰিৱেশে। বৰ্তমান সময়ত মানুহৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশৰ বিনাশ, বায়ুমণ্ডলত ক্ষতিকাৰক গেছৰ নিৰ্গমন, মাটি আৰু নদীৰ পানীত হোৱা প্ৰদূষণ আদিৰ বাবে জলবায়ুৰ পৰিৱৰ্তন সমগ্ৰ বিশ্বজুৰি খৰকটীয়া গতিত হ’বলৈ লৈছে। মূলতঃ মানৱসৃষ্ট প্ৰদূষণৰ বাবে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা তীব্ৰ গতিত বৃদ্ধি পাবলৈ লৈছে। এনে উষ্ণতা বৃদ্ধিয়ে উত্তৰ মেৰুৰ বৰফ পিণ্ডবোৰ গলাবলৈ আৰম্ভ কৰিছে আৰু সাগৰ পৃষ্ঠৰ উচ্চতা ভয়াৱহভাৱে বৃদ্ধি হৈছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ (IMD) তথ্য মতে, বছৰ অনুসৰি বৰষুণৰ পৰিমাণ এনেধৰণৰ-

  User
User

এই তালিকাখনলৈ মন কৰিলে দেখা যায় যে ২০২৩ চনৰ ঋতুৰ বৰষুণ সামগ্ৰিকভাৱে দেশজুৰি (এল পি এৰ ৯৪%) দীৰ্ঘ সময়ৰ গড় (এল পি এ)তকৈ কম আছিল। আই এম ডিৰ তথ্য অনুসৰি ২০২৩বৰ্ষত দেশত আগষ্ট মাহত মুঠ বৃষ্টিপাতৰ সংখ্যা ১৬০.৪ মিঃমিঃ আছিল, যিটো স্বাভাৱিকতকৈ বহু কম। ইয়াৰ স্বাভাৱিক পৰিমাণ হ’ল ২৪১ মিঃমিঃ।

ইফালে এক তথ্য অনুসৰি অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আজি কেইবছৰমানৰ পৰা জলবায়ুৰ লক্ষণীয়ভাৱে পৰিৱৰ্তন হ’বলৈ লৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বৰষুণ আৰু তাপমাত্ৰাৰ লেখৰ পৰা জানিব পৰা গৈছে যে একোটা বছৰত হোৱা বৰষুণৰ গড় পৰিমাণ প্ৰায় ২৫ শতাংশলৈ হ্ৰাস পাইছে।

উত্তৰ-পূৰ্বাঞ্চলত এটা দশকত ভূ-পৃষ্ঠৰ উষ্ণতা .১১ ডিগ্ৰী হাৰত বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলত পৰিৱেশ ধ্বংসতকৈ গোলকীয় উষ্ণতা বৃদ্ধিয়ে বেছিকৈ প্ৰভাৱ পেলাইছে। অসমৰ প্ৰায় ১৫ খন জিলাত ২০০৫ আৰু ২০০৬ চনত ব্যাপক খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল। উল্লেখ্য যে ২০০৬ চনত বৰষুণৰ মাত্ৰা প্ৰায় ৪০% হ্ৰাস পাইছিল।

বিগত সময়ছোৱাত বহুকেইখন ৰাজ্যত বৰষুণ দিছে যদিও কমা নাই গৰমৰ মাত্ৰা। গ্ৰীষ্মপ্ৰবাহৰ বাবে দেশৰ কেইবাজনো লোকৰ মৃত্যু ঘটিছে। আবতৰীয়া উষ্ণতা বৃদ্ধি, বৰষুণ অত্যধিক হ্ৰাস আদিয়ে সাধাৰণ জনজীৱন বিপৰ্যস্ত কৰিছে। চলিত বৰ্ষত অসমত অস্বাভাৱিকভাৱে হ্ৰাস পাইছে বৰষুণ। মৌচুমীৰ প্ৰভাৱত বৰ্ষা ঋতুত অসমত প্ৰচুৰ বৰষুণ হয়; কিন্তু এইবেলিও ৰাজ্যত বৰষুণ অস্বাভাৱিকভাৱে হ্ৰাস পাইছে ।

স্বাভাৱিকতকৈ তাপমাত্ৰা বৃদ্ধি পোৱাৰ বাবে প্রচণ্ড গৰমে দহিছে ৰাজ্যবাসীক । আনফালে বৰষুণৰ পৰিমাণো হ্ৰাস পাই আহিছে অভাৱনীয়ভাৱে। যাৰ বাবে হ্রাস পাইছে নদীৰ পানীৰ স্তৰ। কিন্তু ইয়াৰ মূল কাৰণ কি বুলি যদি প্ৰশ্ন উত্থাপন কৰা হয় তেন্তে দেখা যায় যে--

জলবায়ু পৰিৱৰ্ত

বৰষুণৰ ধৰণৰ পৰিৱৰ্তনৰ আঁৰত জলবায়ু পৰিৱৰ্তনেই এটা প্ৰধান চালক হিচাপে থিয় দিছে। জীৱাশ্ম ইন্ধন জ্বলোৱা আৰু বনাঞ্চল ধ্বংসৰ দৰে মানুহৰ কাৰ্যকলাপৰ বাবেই পৃথিৱীৰ উষ্ণতা বৃদ্ধিয়ে বতৰ ব্যৱস্থাত ব্যাঘাত জন্মায়।

বনাঞ্চল ধ্বংস

অবাধ বনাঞ্চল ধ্বংস, কৃষি আৰু নগৰীয়া কামৰ বাবে মাটি খন্দা, পাহাৰ কাটি ধ্বংস কৰাৰ ফলত বৰষুণৰ পৰিমাণ হ্ৰাস হৈছে। জলচক্ৰত গছ-গছনি, অৰণ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, বাষ্পীভৱনৰ জৰিয়তে বৰষুণ হয় আৰু স্থানীয় বতৰৰ ধৰণক প্ৰভাৱিত কৰে। কিন্তু ইয়াৰ ক্ষয়ৰ ফলত এই চক্ৰটো বিঘ্নিত হয়, যাৰ ফলত সেই বিশেষ অঞ্চলটোত বৰষুণৰ পৰিমাণ কমি যায়।

বায়ু প্ৰদূষণ

ভাৰতৰ ক্ৰমবৰ্ধমান ঔদ্যোগীকৰণ আৰু যান-বাহনৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণত অৰিহণা যোগায়, যিয়ে বৰষুণৰ ধৰণত অধিক প্ৰভাৱ পেলায়। প্ৰদূষণে ডাৱৰ গঠন আৰু বৰষুণৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত প্ৰদূষিত অঞ্চলত বৰষুণ হ্ৰাস পায়।

বৰষুণ হ্ৰাসৰ ফলত গৰম বা তাপৰ ওপৰত প্ৰভাৱ

বৰষুণৰ হাৰ হ্ৰাস পোৱাৰ ফলত ভাৰতৰ গৰমৰ সংকট আৰু অধিক ভয়াৱহ হৈ পৰিছে। বৰষুণ হ্ৰাস পোৱাৰ ফলত মাটিৰ আৰ্দ্ৰতা হ্ৰাস আৰু বাষ্পীভৱনে পৃষ্ঠৰ উষ্ণতা অধিক হোৱাত অৰিহণা যোগায়। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা আৰু উষ্ণতা বৃদ্ধিৰ সমন্বয়ে কৃষি, জলসম্পদ আৰু মানৱ স্বাস্থ্যৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে এতিয়ালৈকে অসমত ৩৫ শতাংশ কম বৰষুণ। জলবায়ুৰ পৰিবৰ্তনে অসমৰ বিশ্ব বিখ্যাত চাহ উদ্যোগতো নেতিবাচক প্ৰভাৱ পেলাইছে। চাহ উৎপাদনত ৫০শতাংশ কম হোৱাৰ আশংকা প্ৰকাশ কৰিছে খেতিয়কসকলে।

চাহ খেতিৰ বাবে সময়ে সময়ে কম পৰিমাণে হোৱা বৰষুণ আৰু নাতিশীতোঞ্চ জলবায়ু অতি উপযোগী। কিন্তু জলবায়ুৰ পৰিবৰ্তনৰ ফলত এহাতে যেনেদৰে কম সময়ৰ ভিতৰত প্ৰচুৰ বৰষুণ হৈছে সেইদৰে দীৰ্ঘ সময়জুৰি বৰষুণ নোহোৱাৰ বাবে খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।

অতি খৰাং বা অতি বৰষুণ দুয়োটাই চাহ খেতিৰ বাবে বিপদজনক। অতিপাত বৰষুণে মাটিৰ ওপৰৰ অংশত খহনীয়াৰ সৃষ্টি কৰি গছবোৰ দুৰ্বল কৰে। দীঘলীয়া খৰাং বতৰত বিভিন্ন পোক-পতঙ্গই চাহ গছত আক্ৰমণ কৰে আৰু সেয়েহে অধিক কীটনাশক দৰৱ প্ৰয়োগ কৰিবলগীয়া হয়।

সেইদৰে উষ্ণতা বৃদ্ধি আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিয়ে চাহ গছৰ ক্ষতি কৰিছে। এনেবোৰ কাৰণত চাহৰ গুণগত মান নিম্নগামী হয়। অসমৰ জলবায়ু পৰিবৰ্তন অব্যাহত থাকিলে এদিন হয়তো অসমৰ বুকুৰ পৰাই চাহ বিলুপ্ত হৈ পৰিব!

অসম কৃষিপ্ৰধান ৰাজ্য। জলবায়ু পৰিৱৰ্তনে কৃষিখণ্ডতো ব্যাপক প্ৰভাৱ পেলাইছে। অসমৰ খেতিয়কসকল সম্পূৰ্ণভাৱে বৰষুণৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে বৰষুণৰ পৰিমাণ কমি গ’লে কৃষিক্ষেত্ৰত হাহাকাৰ লাগে। বৰষুণৰ পানীৰ অভাৱত এতিয়া শুকাই গৈছে কৃষকৰ বিভিন্ন খেতি। বিভিন্ন প্ৰান্তৰ কৃষক ৰাইজৰ ধানখেতি, মৰাপাট খেতিৰ লগতে বিভিন্ন ৰবি শস্যৰ খেতি তথা শাক পাচলিৰ খেতিসমূহ বৰষুণৰ পানীৰ অভাৱত শুকাবলৈ ধৰিছে। খেতিকে জীৱন জীৱিকাৰ উৎস হিচাপে বাছি লোৱা এইসকল কৃষকসকলে মুৰে কপালে হাত দিছে।

Also Read: নাই হাতত ধন, বিহু পতাৰ মন...

bikhekh lekha