ৰাইজেই হ’ব মালিক!

ৰাইজেই হ’ব মালিক!
Published on
Updated on

চৰ্চাত ৰাজ্যৰ এগৰাকী নাৰী। এই ক্ষমতাশালী নাৰীগৰাকীৰ সম্পত্তিৰ ভৱিষ্যতৰ অধিকাৰী ৰাইজ। খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ ক'লে- ৰিণিকি ভূঞা শৰ্মাই যি সম্পত্তি কৰিছে, সকলো ৰাইজক দি যাব।

স্থাৱৰ-অস্থাৱৰ সম্পত্তি কোনেনো লগত লৈ যাব পাৰে! এইবোৰতো মৃত্যুৰ পাছত সকলোৱে এৰি থৈয়ে যায়। খালী হাতেৰে মানুহ এই পৃথিৱীলৈ আহে, খালী হাতেৰে মানুহ এই পৃথিৱীৰ পৰা উভতে। তথাপিও ধন সম্পত্তিক লৈ মানুহৰ লোভ আৰু মোহ কোনো দিনেই কমা নাই।

যিমান বিশাল সম্পত্তি থাকিলেও মানুহক সম্পত্তি আৰু ধন-সোণো নাটে। পৃথিৱীৰ আটাইতকৈ ধনীজনেও ভাবে আৰু বেছি সম্পত্তিৰ গৰাকী তেওঁ কেনেকৈ হ'ব পাৰে। সেয়াই মানুহৰ স্বভাৱ। এয়াই মানুহৰ প্ৰবৃত্তি।

কিছুমান মানুহৰ সম্পত্তি ইমানেই বেছি হয় যে, সেই সম্পত্তিৰ হিচাপ নিজেই নাজানে। কেনেকৈ ইমান সম্পত্তিৰ গৰাকী হ'ল ইয়াকো ক'ব নোৱাৰে। মাজে মাজে চৰকাৰে সেইসকল লোকৰ সম্পত্তিৰ হিচাপ লয়। আয় বৰ্হিভূত তেনে সম্পত্তি প্ৰয়োজনত চৰকাৰী সম্পত্তি হয়।

এনে উদাহৰণ আছে। অত্যাধিক সম্পত্তি সময়ত বহুতৰ বাবে অভিশাপ হৈ পৰে। সেই সম্পত্তি সতপথেৰে ঘটা নহয়। দুৰ্নীতি, কেলেংকাৰী, ক্ষমতাৰ বলত সম্পত্তিৰ তালিকা দীঘলৰ পৰা দীঘল হৈ গৈ থাকে।

জনা জনে জানে, বুজাজনে বুজে ইয়াৰ শেষ কি! দুহাতেৰে চপোৱা সম্পত্তিবোৰেই জীৱনৰ ছন্দপতন ঘটায়। তথাপিও মানুহে সম্পত্তিৰ মোহ এৰিব নোৱাৰে বা নোখোজে। এতিয়া মাটিৰ প্ৰতি মানুহৰ বিৰাট মোহ। আন স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰে পাহাৰ গঢ়াজনৰ বাবে নাথাকে কোনো লক্ষ্মণ ৰেখা।

অনিয়ন্ত্ৰিতভাৱে সম্পত্তিৰ এই লোভে নিজৰ মাজতেই নিজক এক প্ৰতিযোগিতাৰ প্ৰতিযোগী কৰি তোলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ পত্নীয়ে কৰা সম্পত্তিবোৰ এদিন ৰাইজক দি যাব কোৱা মন্তব্যই তাৎপৰ্য বহন কৰিছে।

হয়তো তেওঁ কাণতো সাধাৰণ মানুহে আলোচনা কৰা তেখেতৰ পত্নী সম্পত্তি সম্পৰ্কীয় কথাবোৰ পৰিছে। ৰাজনীতিবিদ এজনৰ বাবে পত্নীকেন্দ্ৰিক এই চৰ্চা বৰ শুভকাৰক নহয়। সেই কথা উপলদ্ধি কৰিয়েই হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই কথা কৈ থব লগা হৈছে।

প্ৰশ্ন উঠিছে সেইখিনিতে, মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ইমান ধনী হ'ল কেনেকৈ! ক্ষমতাশালী লোকৰ আত্মীয় হোৱাৰ সুযোগ তেওঁ লৈছে নেকি! যদি সৎ পথেৰে সেই সম্পত্তিৰ অধিকাৰী হৈছে, তেনে যি সম্পত্তি কৰিছে সেয়া ৰাইজক দি যাব লগা যুক্তি ক’ত?

ৰাইজৰ বাবে সম্পত্তি ঘটা অধিকাৰ তেওঁক কোনে দিছে? পৃথিৱীত ধনৱান ব্যক্তিসকলে তেওঁলোকৰ আয়ৰ কিছু অংশ দান কৰি যায়, কিন্তু কেৱল ৰাইজক দি যাবৰ বাবে সম্পত্তি ঘটা এনে দানবীৰ আছে জানো কৰবাত!

সেই সম্পত্তিৰ উৎস কি! বিৰোধীয়ে কোৱাৰ দৰে ইমানবোৰ সম্পত্তি আছেনে তেওঁৰ! মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে নহলেও সংবাদমাধ্যমৰ সন্মুখত তেওঁৰ পত্নী বা পৰিয়ালৰ এখন আংশিক তালিকা ৰাজহুৱা কৰিলে।

বাতৰি চেনেল, বন্ধ্যা স্কুল, কাঞ্চনজুৰি ৰিৰ্জট, গণেশগুৰিৰ মাটি, জুৰোডৰ ঘৰ-মাটি আদিৰ কথা মুখ্যমন্ত্ৰীয়ে নিজেই ক'লে। তাৰ পাছত মুখ্যমন্ত্ৰী পত্নীৰ সম্পত্তিৰ আন এখন আংশিক তালিকা অখিল গগৈয়েও দিলে।

অখিল গগৈৰ মতে, মুখ্যমন্ত্ৰীয়ে নিজেই তেওঁলোকৰ পৰিয়ালৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিব লাগে। তেওঁ নিজেও কেইটামান সম্পত্তিৰ কথা উল্লেখ কৰিলে। তাৰ ভিতৰত কেইটামান চেনেল, তিনিচুকীয়াৰ চানমাৰি বাগিছা, সৰুপথাৰৰ ৰাধাকৃষ্ণ বাগিছা, কাজিৰঙাৰ কাঞ্চনজুৰি বাগিছাৰ কথা উল্লেখ কৰিলে।

মেঘালয়ৰ ফালেও কেইবাখনো ৰিৰ্জট, ফাৰ্ম হাউচ বনাই আছে বুলি শুনাৰ কথাও ক'লে বিধায়ক অখিল গগৈয়ে। আত্মীয় স্বজনৰ নামত কেইটা কোম্পানী আছে সেই কথাও সুধিলে গগৈয়ে। বোকাখাতৰ ১১বিঘা চৰকাৰী মাটি কথা উল্লেখ কৰিবলৈও নাপাহৰিলে তেওঁ।

সেই সম্পত্তিৰ সম্পূৰ্ণ তালিকা আৰু সম্পত্তিসমূহ ৰাইজৰ নামত উইল কৰি দিম বুলি কোৱা উইলৰ কপি ৰাজহুৱা কৰিবলৈ দাবী তুলিলে। ভূপেন বৰাইও মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিকেন্দ্ৰীক এই চৰ্চাত অংশ ললে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ঘোষণা কৰিলে ২০২৬ত কংগ্ৰেছৰ চৰকাৰ হ'লে ১০০দিনৰ ভিতৰত এই সম্পত্তিৰ ওপৰত তদন্ত কৰি সেইবোৰ কংগ্ৰেছ চৰকাৰে বাজেয়াপ্ত কৰিব। SIT গঠনেৰে আয়তকৈ কেনেকৈ অধিক সম্পত্তিৰ গৰাকী হ'ল তাৰ হিচাপ উলিয়াব।

অসম সচাঁই বিষম দেশ! এইখন ৰাজ্যত দুবেলা দুমুঠিঁ খাবলৈ নাপাই হাঁহাকাৰ কৰা বহু লোক আছে। ১০০-২০০টকা উতকোচ লৈ দুৰ্নীতিগ্ৰস্থ বিষয়া-কৰ্মচাৰী হিচাপে চিহ্নিত হোৱা হাত দাঙি থকা দুই এজন লোকক দেখি আমি হাত তালি দিও। চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে বাহঃ কি অভিযান চলাইছে বুলি সন্তুষ্টি লভো।

সেই একেখন ৰাজ্যতে হাজাৰ হাজাৰ কোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ গৰাকী হোৱা মানুহো আছে। সেই আলাউদ্দিনৰ চাকিৰ বলত ধনী হোৱা মানুহবোৰৰ সম্পত্তি ৰাইজৰে সম্পত্তি বুলি ক'লেই মানি লোৱা লোকো ছাগৈ ওলাব এইখন ৰাজ্যত!

কিমান সম্পত্তি লাগে, সেই হিচাপ আৰু সীমা নিৰ্ধাৰণ কৰিব নোৱাৰা লোকবোৰৰ সম্পত্তিবোৰো ছাগৈ এদিন বোজা হৈ পৰে। সেয়েহে আগতীয়াকৈ কৈ থব লগা হয়- ৰাইজ, এইবোৰ আপোনাৰ বাবেই মোৰ আপোনজনে ঘটা সম্পত্তি, তাৰ গৰাকী হ'ব আপুনি...

ৰাইজেই হ’ব মালিক!
কাব্যগুৰু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in