ডিজিটেল ডেস্ক : ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেওবাৰে জনোৱা এক তথ্য মতে পূব-মধ্য আৰৱ সাগৰৰ ওপৰেৰে অতি তীব্ৰ ঘূৰ্ণীবতাহ "বিপৰ্যয়" ৫ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত উত্তৰদিশে আগবাঢ়ে। যাৰ বাবে পৰৱৰ্তী ৬ ঘণ্টাত অত্যন্ত তীব্ৰতাৰে ঘূৰ্ণীবতাহ অহাৰ সম্ভাৱনা বৃদ্ধি পাইছে।
আইএমডিৰ মতে, ঘূৰ্ণীবতাহ "বিপৰ্যয়" প্ৰায় উত্তৰদিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু ১৫ জুনত অতি তীব্ৰ ঘূৰ্ণীবতাহে পাকিস্তান আৰু সংলগ্ন সৌৰাষ্ট্ৰ আৰু কচ্ছ উপকূলত বিধ্বংসী ৰূপত দেখা দিব। যাৰ প্ৰভাৱ পৰিব গুজৰাটৰ উপকূলীয় অঞ্চলত।
উল্লেখ্য ভিএছচিএছ বিপৰ্যয় দেওবাৰে ২৩৩০আইএছটিত কেন্দ্ৰীভূত আছিল, য'ত লাট ১৭.৪এন আৰু দীঘ ৬৭.৩ইৰে, মুম্বাইৰ প্ৰায় ৬০০ কিমি ডব্লিউএছডব্লিউ, পোৰবন্দৰৰ ৫৩০ কিমি এছ-এছডব্লিউ আৰু কৰাচীৰ ৮৩০ কিমি এছত কেন্দ্ৰীভূত হয়।
ইয়াৰ মাজতে আজি বতৰ বিজ্ঞান কেন্দ্ৰই এই বিপৰ্যয় ঘূৰ্ণীবতাহ অধিক তীব্ৰতৰ ৰূপত ১৫ জুনত এ/এনৰ চাৰিওফালে পাকিস্তান আৰু সংলগ্ন সৌৰাষ্ট্ৰ আৰু কচ্ছ উপকূলৰ ওচৰত ভিএছচিএছ হিচাপে উপস্থিতিৰ সম্ভাৱনা প্ৰকাশ কৰে। এক টুইটযোগে এই কথা সদৰি কৰে আইএমডিয়ে। ইফালে, পূব-মধ্য আৰৱ সাগৰৰ ওপৰত ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ তীব্ৰতা বজাই ৰখাৰ বাবে কৰাচী পোৰ্ট ট্ৰাষ্টে (কেপিটি) 'ৰেড এলাৰ্ট' জাৰি কৰিছে।
VSVS Biparjoy over eastcentral Arabian Sea at 0230 hours IST of 11th June, 2023 about 510 km south-southwest of Porbandar. To intensify into an ESCS during next 06 hours. To reach near Pakistan and adjoining Saurashtra & Kutch coasts around afternoon of 15th June, 2023 as a VSCS pic.twitter.com/fE47T9gOna
— India Meteorological Department (@Indiametdept) June 10, 2023
Also Read: কাজিৰঙাত বিহাৰ আৰক্ষী: বিহাৰত সন্ধানহীন নাবালিকাক উদ্ধাৰ...