অনা অসমীয়া ব্যৱসায়িক আঁঠু কঢ়াই ৰঙাঘৰৰ আলহী হ'ল বীৰ লাচিত সেনাৰ সভাপতি

অনা অসমীয়া ব্যৱসায়িক আঁঠু কঢ়াই ৰঙাঘৰৰ আলহী হ'ল বীৰ লাচিত সেনাৰ সভাপতি
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা: একাংশ শিষ্টাচাৰ নজনা অনা অসমীয়া ব্যৱসায়ীৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে বীৰ লাচিত সেনা অসম। গ্ৰাহকৰ সৈতে অভদ্ৰ আচৰণ আৰ কৰা এনে এচাম মুনাফালোভী ব্যৱসায়ীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে বীৰ লাচিত সেনাৰ গোগামুখ আঞ্চলিক সমিতি।

গোগামুখ সদৰত শনিবাৰে স্থায়ী পৰিচয়হীন দুজন অনা অসমীয়া ব্যৱসায়ীয়ে একাংশ গ্ৰাহকক অকথ্য ভাষাৰে দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। গ্ৰাহক ৰাইজৰ অভিযোগৰ ভিত্তিত শনিবাৰে বীৰ লাচিত সেনাৰ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি প্ৰণৱ শইকীয়া প্ৰমুখ্যে সদস্য সকল ঘটনাস্থলীত উপস্থিত হৈ ব্যৱসায়ী দুজনক আঁঠু কঢ়াই ভৱিষ্যতে এনে আচৰণ নকৰিবলৈ সকীয়াই দিয়ে।

পৰৱৰ্তী সময়ত গোগামুখ আৰক্ষী থানাত এই সন্দৰ্ভত অভিযোগ দাখিল কৰাত দেওবাৰে মাজ নিশা প্ৰায় ১২ বজাত বীৰ লাচিত সেনাৰ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি প্ৰণৱ শইকীয়া, সম্পাদক চান্তো শইকীয়াসহ ৪গৰাকী সদস্যক গোগামুখ আৰক্ষীয়ে নিজ নিজ ঘৰৰ পৰা আটক কৰে।

জানিব পৰা মতে গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত নগাঁওৰ বাসিন্দা আঞ্চলিক সভাপতি প্ৰণৱ শইকীয়া আৰু সম্পাদক চান্তো শইকীয়া সহ ৪ গৰাকী বীৰ লাচিত সেনাৰ কৰ্মীক গোগামুখ আৰক্ষীয়ে মাজনিশা আটক কৰি থানালৈ আনে। সম্প্ৰতি আটাইকেইগৰাকী নেতা কৰ্মী গোগামুখ আৰক্ষীৰ জিম্মাত আছে যদিও সংগঠনৰ কৰ্মী অথবা আত্মীয়ক লগ কৰিবলৈ দিয়া হোৱা নাই।

গোগামুখ আঞ্চলিক সমিতিয়ে অসম আৰক্ষীৰ এনে পদক্ষেপক কটু সমালোচনা কৰি তৎকালে সংগঠনৰ নেতা কৰ্মী সকলক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী জনাইছে।অন্যথাই ব্যাপক প্ৰতিবাদী সংগ্ৰামৰ পাতনি মেলাৰ সকীয়নি দিছে। আনহাতে উক্ত ঘটনা সন্দৰ্ভত গোচৰ দাখিলকাৰী পক্ষক তৎকালে গোচৰ উঠাই লবলৈ অন্তিম সকীয়নি দিছে বীৰ লাচিত সেনাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in