পাতি লোৱা বায়েকৰ বিয়াৰ উপহাৰ হিচাপে ৩ কোটি টকাৰ খৰচ বহন কৰিছিল বিশালে

পাতি লোৱা বায়েকৰ বিয়াৰ উপহাৰ হিচাপে ৩ কোটি টকাৰ খৰচ বহন কৰিছিল বিশালে
Published on
Updated on

ডিজিটেল ডেস্কঃ পোহৰলৈ আহিছে মহাপ্ৰৱঞ্চক বিশাল ফুকনৰ এটাৰ পিছত আন এটা দুষ্কাৰ্য। বিশাল ফুকন সন্দৰ্ভত ন ন তথ্য উদ্ধাৰ কৰিছে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে। বুধবাৰে ডিব্ৰুগড় আদালতত হাজিৰ কৰি বিশালক ৩ দিনৰ জিম্মাত লৈছে ডিব্ৰুগড় আৰক্ষীয়ে ।

আৰক্ষীৰ জেৰাত বিশাল ফুকনে প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰি কেনেকৈ ক'ত খৰচ কৰিছে তাৰ তথ্য শুনি চকু কপালত উঠিছে সকলোৰে। উল্লেখযোগ্য যে বিশাল ফুকনৰ বিৰুদ্ধে ৩৫২/২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে। বি এন এছ এছৰ অধীনত ৩১৬, ৩১৮ নং ধাৰাত গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে আৰক্ষীয়ে।

মহাপ্ৰৱঞ্চক বিশাল ফুকন আৰু চুমি বৰাৰ কৰা দুষ্কাৰ্য আৰু ধন ব্যয়ৰ তালিকা

  • বিশালৰ ডিব্ৰুগড়ৰ বৈৰাগীমঠত ২ হাজাৰ বৰ্গফুটৰ কাৰ্যালয় আছে। ৮৫ লাখ টকাৰে ইন্টেৰিঅ'ৰ ডিজাইন কৰা হৈছিল কার্যালয়টোৰ। ইন্টেৰিঅ'ৰ ডিজাইনাৰ কৰিশ্মা কাকতিক ৮৫ লাখ টকাৰ ৫০% নগদ ধন দিছিল বিশালে।

  • ডিব্ৰুগড়ৰ পূৰ্বাঞ্জলী এপার্টমেন্টৰ ফ্লেটটো কিনিছিল ৬৩.২৫ লাখ টকাত তাৰ ভিতৰত বিল্ডাৰক ৪৪ লাখ টকা নগদ হিচাপে দিছিল।

  • গুৱাহাটীৰ নাৰেংগীত আইডিয়েল ভিউ এপার্টমেন্টত ১.৫ কোটি টকাত ফ্লেট ক্রয় কৰিছিল বিশালে। গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক তৰুণ এপার্টমেন্টত আছে ৭ কোটিটকীয়া ডুপ্লেক্স ফ্লেট।

  • ডিব্ৰুগড়ত চুমি বৰাৰ বাবে খুলি দিছিল ডান্স একাডেমী। ডান্স একাডেমীৰ ডিজাইনিঙত খৰছ কৰিছিল ৩৩ লাখ টকা। লাখ টকা দিছিল ডান্স একাডেমীৰ মাটিৰ মালিকক। ছিগমা টাইলছক দিছিল ১০ লাখ টকা। ডান্স একাডেমীৰ চাউণ্ড প্রুফৰ নামত খৰছ কৰিছিল ১৫ লাখ টকা।

  • চুমি বৰাক ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি উপহাৰ দিছিল বিশাল ফুকনে। ৮ আগষ্টত চুমিৰ জন্মদিনত ২ লাখ টকীয়া টেডী বিয়েৰ উপহাৰ দিছিল বিশালে।

  • চুমিৰ ব্যক্তিগত জিম ট্ৰেইনাৰ তন্দ্ৰামণিক মাহে ৫০ হাজাৰ টকা দিছিল বিশালে।

  • ৰাজস্থানৰ উদয়পুৰত হোৱা চুমি-তার্কিক বৰাৰ বিয়াত ৩কোটি টকা ব্যয় কৰিছিল বিশালে। বিয়াৰ অতিথিৰ বাবে বিমান ভাড়াত বিশালে ব্যয় কৰিছিল ৩৩ লাখ টকা।

  • বিয়াৰ পিছতে বিশালে উপহাৰ দিছিল ডুবাই ট্রিপ। ট্রিপটোত গৈছিল বিশাল, চুমি আৰু ছবি নির্মাতা আদিত্যম শইকীয়া। ছেভেন ষ্টাৰ হোটেল বুৰ্জ আৰৱত ৩দিন কটাইছিল তেওঁলোকে।

  • বুৰ্জ আৰৱত প্ৰতি নিশাৰ খৰচ আছিল ১৯ লাখ টকা, মুঠ ৫৭ লাখ টকা। হোটেল আটলান্টিকত প্রতিদিনে ব্যয় কৰিছিল ১ লাখ টকা।

  • ৫ দিন ডুবাইৰ শ্বপিং মলত ১.৫০ কোটি টকাৰ বজাৰ কৰিছিল তেওঁলোকে।

  • বিশাল ফুকনে মাতৃক উপহাৰ দিছিল ৩৩ লাখটকীয়া MG HECTOR বাহন।

  • চুমিৰ স্বামী তার্কিক বৰাক দিছিল ৪৫ লাখটকীয়া বিলাসী ফচুনাৰ। তাৰ্কিক বৰাৰ নামত উজনিত মাটি, বাগিচা বিশাল ফুকনে বিনিয়োগ কৰাৰ তথ্য লাভ কৰিছে তদন্তকাৰী আৰক্ষীৰ দলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in