কোকৰাঝাৰত উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসভৱনত উপস্থিত বিশ্বজিৎ দৈমাৰী...

উপেন্দ্ৰনাথ ব্ৰহ্মৰ ভতিজাকক অসম বিধানসভাৰ পুথিভঁৰালত সহায়কাৰী হিচাপে নিযুক্তি
BISWAJEET DAIMARI
BISWAJEET DAIMARI
Published on
Updated on

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শনিবাৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দোতমাৰ বৰাগৰীস্থিত বাসভৱনত উপস্থিত হৈ পৰিয়ালৰ সদস্যবৃন্দৰ সৈতে মতবিনিময় কৰাৰ লগতে প্ৰয়াত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বিশেষভাৱে সক্ষম ভাতৃক এখন ইলেকট্ৰিক হুইলচেয়াৰ প্ৰদান কৰে ।

অধ্যক্ষ দৈমাৰীয়ে সদৰি কৰা মতে তেওঁ আজি প্ৰথমবাৰৰ বাবে প্ৰয়াত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দোতমাস্থিত বাসভৱনত উপস্থিত হৈছে আৰু তেওঁৰ বিশেষভাৱে সক্ষম ভতিজাক হুইলচেয়াৰ প্ৰদান কৰি আনন্দ অনুভৱ কৰিছে ।

BISWAJEEET DAIMARI
BISWAJEEET DAIMARI

তাৰোপৰি পৰিয়ালটোৰ আৰ্থিক দুৰৱস্থালৈ চাই বডোফা ব্ৰহ্মৰ আন এজন ভতিজা তুলাও ব্ৰহ্মক অসম বিধানসভাৰ পুথিভঁৰালত সহায়কাৰী হিচাপে নিযুক্তিপত্ৰ প্ৰদান কৰে । ইয়াৰ পিছতেই বিশ্বজিৎ দৈমাৰীয়ে থুলুংগাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধীথলীত উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

ইপিনে অধ্যক্ষ গৰাকীৰ আগমন উপলক্ষে থুলুংগাপুৰীত আয়োজন কৰা মত বিনিময় সভাত দৈমাৰীয়ে অংশগ্ৰহণ কৰে । দোতমাৰ থুলুংগাপুৰী কাৰ্যসূচীৰ পিছতে তেওঁ কোকৰাঝাৰ সদৰ চহৰৰ ডিপোট ৰোড প্লেটিনাম জয়ন্তী উপলক্ষে দুৰ্গা মণ্ডপত উপস্থিত হৈ মা দুৰ্গাৰ আশীষ লয় ।

উল্লেখ্য যে বিশ্বজিৎ দৈমাৰীৰ ভ্ৰমনকালত কোকৰাঝাৰ ৩০ নং বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, গোসাঁইগাওঁৰ বিধায়ক জিৰন বসুমতাৰী, কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in