গুৱাহাটীত বৰষুণ দিলে পানী হ'বই কাৰণ এতিয়া গুৱাহাটীত পানী থাকিবলৈ খালী জেগা নাইঃ বিশ্বজিৎ দৈমাৰী

গুৱাহাটীত বৰষুণ দিলে পানী হ'বই কাৰণ এতিয়া গুৱাহাটীত পানী থাকিবলৈ খালী জেগা নাইঃ বিশ্বজিৎ দৈমাৰী
Published on
Updated on

ডিজিটেল সংবাদ,মৰিগাঁওঃ "সেইদিনা অকস্মাতে এক দুই ঘণ্টাৰ ভিতৰত বাল্টি দি ঢালি দিয়াৰ দৰে বৰষুণ দিছিল,সেইবাবে গুৱাহাটীৰ অৱস্থা এনেকুৱা হৈ গ'ল। ভাল কথা যে,গুৱাহাটীৰ নলাৰ ব্যৱস্থা বহুত উন্নত হ'ল, সেইবাবে পিছ দিনাৰ পৰা পানী নলাই দি ওলাই গ'ল। এতিয়া গুৱাহাটী জীৱন যাত্ৰা স্বাভাৱিক হ'ল"- এই মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ।

বুধবাৰে মৰিগাঁৱত অনুষ্ঠিত হোৱা হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি সোমবাৰৰ কৃত্ৰিম বান সন্দৰ্ভত এই মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে। লগতে তেওঁ কয় যে, গুৱাহাটীত বৰষুণ দিলে পানী হ'বই কাৰণ এতিয়া গুৱাহাটীত পানী থাকিবলৈ খালী জেগা নাই।

গুৱাহাটীত বৰষুণ দিলে পানী হ'বই কাৰণ এতিয়া গুৱাহাটীত পানী থাকিবলৈ খালী জেগা নাইঃ বিশ্বজিৎ দৈমাৰী
চকুৰে নেদেখা এজন নথকা অচিন পথিকক দৃষ্টি শক্তি প্ৰদান জামুগুৰিহাটৰ বিপুল নাথৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in