বিশ্বনাথত ৰঙাঘৰৰ আলহী হ'ল পশ্চিমবংগৰ ফেৰীৱলা

বিশ্বনাথত ৰঙাঘৰৰ আলহী হ'ল পশ্চিমবংগৰ ফেৰীৱলা
Published on
Updated on

ডিজিটেল সংবাদ, বিহালীঃ যোৱা ৩১আগষ্ট তাৰিখে বিশ্বনাথ আৰক্ষী থানাৰ অন্তৰ্গত জয়পুৰৰ বনগাওঁৰ এগৰাকী নাবালিকাক এটা ফেৰীৱলাই শ্লীলতাহানি কৰাৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ অভিযোগ অনুসৰি বিশ্বনাথৰ জয়পুৰ বনগাওঁত খাৰুমনি, চুলি বেপাৰ কৰিবলৈ যোৱা জনৈক শ্বেখ নামৰ লম্পট এটাই ঘৰত কোনো নথকাৰ সুযোগলৈ এগৰাকী ১২বছৰীয়া কিশোৰীক হাতত ধৰি ভিতৰলৈ টানি নিব খুজোঁতেই চুবুৰীয়াৰ চকুত পৰাত কথমপি জঘণ্যকাণ্ড এটা সংঘটিত নহ'ল৷

কিশোৰীগৰাকীৰ পৰিয়ালৰ পৰা জানিব পৰামতে , ফেৰীৱালাটো ঘৰত কোনো নথকাৰ উমান পাই চুলি আছে নেকি বুলি সুধি কিশোৰীগৰাকীক শাৰীৰিক নিৰ্যাতনৰ চেষ্টা চলাইছিল৷ সেই কাণ্ড চুবুৰীয়া তথা খুড়ীয়ে প্ৰতক্ষ্য কৰি ফ্ৰীৱলাটোক ধমকি দি ঘটনাস্থলীৰ পৰা পলাবলৈ বিচৰা ফেৰীৱলাটোক ধৰি আনি সোধ-পোছ কৰে যদিও স্বীকাৰ নকৰাত গঞাঁ ৰাইজক সমস্ত ঘটনাটোৰ সম্পৰ্কত অৱগত কৰে৷

স্থানীয় ৰাইজে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে- লগে ইজন-সিজনকৈ গাঁৱৰ ৰাইজ উপস্থিত হৈ লম্পটটোক ধৰি উত্তম-মধ্যম শোধাই বিশ্বনাথ আৰক্ষীক গতাই দিয়ে৷ প্ৰাপ্ত তথ্যমতে ধৃত ব্যক্তিজনৰ প্ৰকৃত ঘৰ পশ্চিমবংগত যদিও বৰ্তমানে বিশ্বনাথ চাৰিআলিত ঘৰভাৰা লৈ ফেৰাৱালা হিচাবে গাঁৱে-গাঁৱে ব্যৱসায় কৰি আহিছে৷ ইফালে সমগ্ৰ ঘটনাটো বিশ্বনাথ আৰক্ষীয়ে সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা চলাইছে৷

উল্লেখ্য যে ,শনিবাৰে দিনৰ ভাগত সংঘটিত জঘণ্য ঘটনাৰে জড়িত অভিযুক্ত জনৈক শ্বেখক ততালিকে জেল-হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে৷ দেওবাৰে বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ এক প্ৰতিনিধি দলৰ ওপৰিও বাঘমৰা গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বই ঘটনাস্থলীত উপস্থিতহৈ পৰিয়ালৰ লোকৰ স'তে আলাপ-আলোচনা কৰি ঘটনাৰ বুজ লৈ ন্যায় দাবী কৰে৷

বিশ্বনাথত ৰঙাঘৰৰ আলহী হ'ল পশ্চিমবংগৰ ফেৰীৱলা
ত্ৰিপুৰাৰ বানপীড়িতলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in