ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতেই মৃত্যু হয় এগৰাকী ভাৰতীয় ছাত্ৰৰ। মৃত্যু হোৱা নবীন শেখৰপ্পাৰ মৃতদেহ স্বদেশলৈ উভতাই অনাৰ বাবে চৰকাৰক আহ্বান জনাইছে পৰিয়ালৰ লোকে।
কিন্তু ইয়াৰ মাজতে কৰ্ণাটকৰ এগৰাকী বিজেপি বিধায়কৰ বিতৰ্কিত মন্তব্য পোহৰলৈ আহিছে।কৰ্ণাটকৰ হুবলী-ধাৰবাড় নিৰ্বাচন ক্ষেত্ৰৰ বিজেপি বিধায়ক অৰবিন্দ বেলাজে কয় যে বিমানত এটা মৃতদেহ অনাৰ সলনি ১০ জন লোকক আনিব পৰা যাব।বিধায়ক গৰাকীক প্ৰশ্ন কৰা হৈছিল যে নবীনৰ মৃতদেহ কেতিয়া ঘৰলৈ অনা হ'ব আৰু সেই প্ৰশ্নৰ উত্তৰতে বিজেপি বিধায়ক গৰাকীয়ে এই মন্তব্য কৰে।
তেওঁ কয় যে নবীনৰ মৃতদেহ ঘূৰাই অনাৰ বাবে চৰকাৰে চেষ্টা কৰি আছে।ইউক্ৰেইন এক যুদ্ধক্ষেত্ৰ আৰু সকলোৱে এই বিষয়ে গ'ম পাই। সম্ভৱ হ'লে অতি সোনকালেই অনা হ'ব তেওঁৰ মৃতদেহ।
বিধায়ক গৰাকীয়ে কয় যে জীৱিত লোকক ঘূৰাই অনাটোৱে কঠিন, তাতকৈ বেছি কঠিন মৃতদেহ অনাটো।কিয়নো মৃতদেহে বিমানত অধিক ঠাই আগুৰে। তাৰ সলনি ৮ ৰ পৰা ১০ জন লোক বিমানত আহিব পাৰে।