ভোটাৰক কথা দি কথা ৰাখিলে বিজেপি নেতাইঃ এৰিলে মন্ত্ৰীত্ব...

ভোটাৰক কথা দি কথা ৰাখিলে বিজেপি নেতাইঃ এৰিলে মন্ত্ৰীত্ব...
Published on
Updated on

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ আগত ৰাজনৈতিক নেতাৰ মুখৰ কথাৰ কোনো অৰ্থ নাথাকে বুলি প্ৰায়ে চৰ্চা হয়। কিন্তু সোঁতৰ বিপৰীতে গৈ এগৰাকী ৰাজনৈতিক নেতাই নিৰ্বাচনৰ প্ৰাৰ্কমূৰ্হুতত দিয়া কথা আখৰে আখৰে পালন কৰিলে। কথা দি আখৰে আখৰে সেই কথা পালন কৰা এই ৰাজনৈতিক নেতাগৰাকী হৈছে বিজেপিৰ।

তেওঁৰ নাম কিৰোড়ি লাল মিনা। বিজেপিৰ এই জ্যেষ্ঠ নেতাগৰাকী ২০২৪ৰ লোকসভা নিৰ্বাচনত ৰাজস্থানৰ ৭টা    দায়িত্বত আছিল। নিৰ্বাচনৰ প্ৰচাৰ সভা সমূহত বিজেপিৰ নেতাগৰাকীয়ে জনতাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে,  বিজেপিয়ে যদি এই ৭টা সমষ্টিত জয় লাভ নকৰে, তেন্তে তেওঁ মন্ত্ৰীপদ ত্যাগ কৰিব।

কিন্তু নিৰ্বাচন ফলাফলত আহিল ওলোটা। ৰাজস্থানৰ এই ৭টা সমষ্টিত ৩টাতে বিজেপিৰ প্ৰাৰ্থী বিশাল ভোটৰ ব্যৱধানত পৰাস্ত হল। আনকি বিজেপি নেতাগৰাকীৰ গৃহ সমষ্টিটো বিজয় সাব্যস্ত কৰিলে কংগ্ৰেছ প্ৰাৰ্থীয়ে।

নিৰ্বাচন শেষ হোৱাৰ পাছত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন হল। সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছিল যে, মীনাই মুখেৰে কোৱা বচন ৰাখিবনে নাৰাখে। বিৰোধীয়েও কটাক্ষ আৰম্ভ কৰিছিল। কিন্তু এনে সময়তেই সকলোকে আচৰিত কৰি ৰাজস্থান বিধানসভাৰ অধিৱেশনৰ পূৰ্বেই মুখ্যমন্ত্ৰী ভজনলাল শৰ্মালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে মন্ত্ৰী মীনাই।

যিসময়ত ৰাজনৈতিক নেতাসকলে নিৰ্বাচনত আগত কোৱা কথা নিৰ্বাচন শেষ হলেই কোনো ভেল্যু নাই বুলি কয়, তেনে সময়ত মীনাৰ এই কাৰ্যই সকলোকে একপ্ৰকাৰৰ আচৰিত কৰিছে। পদত্যাগ কৰি মীনাই টুইট কৰি লিখিছে- প্ৰাণ জাইয়ে পৰ বছন ন জাইয়ে...

ভোটাৰক কথা দি কথা ৰাখিলে বিজেপি নেতাইঃ এৰিলে মন্ত্ৰীত্ব...
তামুলপুৰত নীতি আয়োগৰ সজাগতামূলক অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in