বেংগালুৰুত বিধায়কক প্ৰশ্ন সুধি গ্ৰেপ্তাৰ মহিলা…

বেংগালুৰুত বিধায়কক প্ৰশ্ন সুধি গ্ৰেপ্তাৰ মহিলা…

author-image
asomiyapratidin
New Update
বেংগালুৰুত বিধায়কক প্ৰশ্ন সুধি গ্ৰেপ্তাৰ মহিলা…

ডিজিটেল ডেস্ক : সংবিধানৰ বাক-স্বাধীনতাৰ অধিকাৰ খৰ্ব কৰি গনতন্ত্ৰক উপহাস একাংশ জনপ্ৰতিনিধিৰ । এতিয়াৰ পৰা যেন এই প্ৰতিনিধিসকলক প্ৰশ্ন কৰাৰো অধিকাৰ নাই নাগৰিকৰ । জনতাৰ মূল্য যেন ভোটদানৰ সময়ত তৰ্জনী আঙুলিটোতেই বন্দী । তেনে এক তদ্ৰুপ ঘটনাই ঘটিল কৰ্ণাটকৰ বেংগালুৰুত । বিজেপি বিধায়ক অৰৱিন্দ লিম্বাৱলিক প্ৰশ্ন সোধাৰ বাবেই গ্ৰেপ্তাৰ কৰা হ'ল এগৰাকী মহিলাক । মহিলা গৰাকীৰ বিৰুদ্ধে ভূমি বেদখল সন্দৰ্ভত থকা এটি গোচৰ সংক্ৰান্তীয় প্ৰশ্ন সুধিবলৈ বিধায়ক গৰাকীৰ ওচৰ চপাত সকলোৰে সন্মুখতেই খঙত চিঞৰি উঠে বিধায়কগৰাকী । ইয়াৰ উপৰিও মহিলা গৰাকীৰ হাতত পৰিলক্ষিত হোৱা এখন কাগজ ফালি-চিৰি পেলাই অৰৱিন্দে । তাৰ পাছতেই বিধায়কগৰাকীৰ নিৰ্দেশত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলা গৰাকীক ।

উল্লেখ্য যে, তিনি মাহ পূৰ্বে বিধায়ক গৰাকীৰ সন্তানে ট্ৰেফিক আইন ভংগ কৰাৰ পাছত আৰক্ষীৰ সৈতে এক বাক-বিতণ্ডাত লিপ্ত হোৱা এটি ভিডিঅ' বিয়পি পৰিছিল ডিজিটেল মাধ্যমত ।

আৰু পঢ়ক : অসম অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি, আহত কেইবাজনো…

bjp bengaluru