BREAKING: লখিমপুৰৰ বিজেপি নেতাৰ ঘৰত CIDৰ অভিযান...

লখিমপুৰ বিধানসভা সমষ্টিৰ বগীনদী মণ্ডল বিজেপিৰ  সভাপতি ধীৰেন সোণোৱালৰ বগীনদীস্থ ঘৰত অপৰাধ অনুসন্ধান শাখাৰ  অভিযান । সোণোৱাল কছাৰী স্বায়ত্ব শাসিত

author-image
Asomiya Pratidin
New Update
ujjd

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  লখিমপুৰ বিধানসভা সমষ্টিৰ বগীনদী মণ্ডল বিজেপিৰ  সভাপতি ধীৰেন সোণোৱালৰ বগীনদীস্থ ঘৰত অপৰাধ অনুসন্ধান শাখাৰ  অভিযান । সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ  কাৰ্যবাহী সদস্য  ধীৰেন সোণোৱাল।

স্বায়ত্ব শাসিত পৰিষদখনৰ সামগ্ৰী  বিতৰণৰ কেলেংকাৰীৰ অভিযোগত চলিছে  এই অভিযান । অভিযানকাৰী দলে বিজেপি নেতা সোনোৱালৰ ঘৰত অভিযান চলাই ঘৰৰ পৰা তিনি ট্ৰাক অবৈধ ভাৱে মজুত ৰখা পৰিষদৰ সামগ্ৰী ,আঁঠুৱা আদি জব্দ কৰি লৈ গৈছে  ।

ঢকুৱাখনা বিধানসভা সমষ্টিৰ একালৰ অতি ঘনিষ্ঠ হোৱাৰ যোগ্যতাৰে স্বায়ত্ব শাসিত পৰিষদলৈ নিৰ্বাচিত হৈ সোনোৱালে ক্ষমতাৰ অপ ব্যৱহাৰ কৰি মজুত ৰাখিছিল এই বৃহৎ পৰিমাণৰ চৰকাৰী সামগ্ৰী ।

পৰৱৰ্তী সময়ত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ ফলত লখিমপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা বগীনদীৰ এই গৰাকী গেৰুৱা নেতাৰ ঘৰত উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ চৰকাৰী সামগ্ৰীয়ে বিশেষ  ইংগিত বহন কৰিছে। ইতিমধ্যে অভিযানকাৰী দলটোৱে লখিমপুৰ জিলা আৰক্ষীৰ জ্যেষ্ঠ অধীক্ষকৰ জিম্মাত জব্দকৃত সামগ্ৰী সমূহ মজুত ৰাখিছে।

বগীনদী বিজেপি লখিমপুৰ