বিজেপিৰ নতুন প্লেনঃ দক্ষিণ ভাৰতৰ নেতাক ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব দিয়াৰ যো জা...

বিজেপিৰ নতুন প্লেনঃ দক্ষিণ ভাৰতৰ নেতাক ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব দিয়াৰ যো জা...

author-image
Asomiya Pratidin
New Update
বিজেপিৰ নতুন প্লেনঃ দক্ষিণ ভাৰতৰ নেতাক ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব দিয়াৰ যো জা...

ডিজিটেল ডেস্কঃ বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি কোন হ'ব? ইয়াকে লৈ জল্পনা-কল্পনা অব্যাহত আছে। চলিত বৰ্ষৰে ডিচেম্বৰ মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ আসনত বহিব এগৰাকী নতুন নেতা।

উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমানৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ কাৰ্যকাল বহুদিনৰ আগেয়েই অন্ত পৰাৰ পাছত লোকসভাৰ পৰিপ্ৰেক্ষিতত ২০২৪ৰ ৩০জুনলৈকে বৃদ্ধি কৰা হৈছিল কাৰ্যকাল। যিহেতু বিজেপিত এক পৰম্পৰা আছে যে, এজন মানুহ এটা পদবীতে থাকিব পাৰে, সেয়েহে বৰ্তমান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰো দায়িত্বত থকা জে পি নড্ডাই ৰাষ্ট্ৰীয় সভাপতিৰ পদটো এৰিব লাগিব।

মাজতে চৰ্চা হৈছিল যে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদটোৰ বাবে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাণাণ্ডিছৰ নাম। নাগপুৰ আৰু আৰ এছ এছৰ এগৰাকী প্ৰিয় নেতা তথা বাহ্মণ সম্প্ৰদায়ৰ এগৰাকী নেতা হিচাপে সকলো ফালৰ পৰাই অংক মিলি আছিল তেওঁৰ। কিন্তু মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত হোৱা কিছু ঘটনাৰ বাবে দেৱেন্দ্ৰ ফাণাণ্ডিছক সভাপতিৰ আসনত বহোৱাৰ প্ৰক্ৰিয়া ইমানতে ইতি পৰিছিল।

এতিয়া সময় যিমানে চমু চাপিছে। বিজেপিৰ শীৰ্ষ নেতৃত্বই তলে তলে সন্ধান কৰিছে এখন নতুন মুখৰ। ডিচেম্বৰৰ দ্বিতীয় সপ্তাহতে বিজেপিয়ে নতুন সভাপতি নিযুক্তি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। ২০২৫ৰ ফেব্ৰুৱাৰীত দিল্লীৰ নিৰ্বাচন, গতিকে তাৰ আগতে যিকোনো প্ৰকাৰে বিজেপিয়ে নতুন সভাপতি নিযুক্তি কৰিব।

বিজেপিৰ শীৰ্ষ এক সূত্ৰৰ খবৰৰ ভিত্তিত ৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি, বিজেপিয়ে এইবাৰ দক্ষিণ ভাৰতৰ পৰা এগৰাকী নেতাক প্ৰদান কৰিব বিচাৰিছে এই গুৰু দায়িত্ব। দক্ষিণ ভাৰতত দলৰ স্থিতি অধিক সুদৃঢ় কৰিবলৈ বিজেপিৰ শীৰ্ষ নেতৃত্বই কৰিছে এই পৰিকল্পনা। পূৰ্বতেও বিজেপিয়ে সময়ে সময়ে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ নজিৰ আছে। অটল বিহাৰী বাজপেয়ী শাসনত থকা সময়ত বিজেপিয়ে দক্ষিণ ভাৰতৰ নেতা বঙ্গাৰু লক্ষ্ণণ, জনা কৃ্ষ্ণমূৰ্তি আৰু এন ভেংকায়া নায়ডুক দলৰ নেতৃত্ব প্ৰদান কৰিছিল। গতিকে বিজেপিয়ে এইবাৰো এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা অধিক।

Also Read: মণিপুৰত অপহৃত খেতিয়ক কাছাৰত উদ্ধাৰ...

বিজেপি