ডিজিটেল সংবাদ ,নগাঁও: প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰা আতৰাই ৰখাৰ দাবী জনাই আজি মন্ত্ৰী বিমল বৰা, বিধায়ক ৰূপক শৰ্মাই চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়াৰ জৰিয়তে ভাৰতৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰে। নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত পত্ৰ প্ৰেৰণৰ পিচত মন্ত্ৰী বিমল বৰাই কয় যে-'এজন মানুহৰ দীৰ্ঘদিনৰ কু অভিসন্ধিৰ বাবে চামগুৰি সমষ্টিৰ উপনিৰ্বাচন ৰক্তাক্ত হ'বলৈ গৈ আছে।
তেওঁ হৈছে সাংসদ ৰকিবুল হুছেইন। কালি নিশাও বিধায়ক জিতু গোস্বামীকে ধৰি একাংশ বিজেপি নেতাক শিলগুটি নিক্ষেপ, চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে গুলী চালনাৰে হত্যাৰ ষড়যন্ত্ৰ কৰিছিল। কিন্তু ৰাইজৰ তৎপৰতাত সেইটো ব্যৰ্থ হ'ল। আমি সেয়ে সাংসদ ৰকিবুল হুছেইনক উপ-নিৰ্বাচনৰ পৰা বাৰণ কৰিবলৈ ভাৰতৰ নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছো। কাৰণ তেওঁ থাকিলে ১৩ নৱেম্বৰৰ নিৰ্বাচন স্বচ্ছ আৰু নিকা নহয়।' তেওঁ লগতে কয় যে-' আমি পূৰ্বতেই কৈছিলো এই উপনিৰ্বাচন সন্ত্ৰাস জৰ্জৰ কৰিবলৈ প্ৰদেশ কংগ্ৰেছে চেষ্টা চলাই আহিছে।
প্ৰদেশ কংগ্ৰেছে নিৰ্বাচনী আয়োগলৈ কেইজনমান মানুহক আৰক্ষীয়ে হাৰাশাস্তি কৰা বুলি পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু তেওঁলোক প্ৰকৃততে দুধৰ্ষ অপৰাধীহে। সেই ব্যক্তি কেইজন হৈছে আৰিফুল ইছলাম, ইজাজুল হক, আৰাফত আলি।তেওঁলোকক কংগ্ৰেছে ধোৱা তুলসীৰ পাত সজাই নিৰ্বাচন আয়োগক ভুল পথে পৰিচালিত কৰিব বিচাৰিছে।কিন্তু তেওঁলোকৰ বিৰুদ্ধে খাটোৱাল আৰক্ষী থানাত বহু গোচৰ আছে।' ইপিনে কালি এজন সাংবাদিক দুস্কৃতিকাৰীৰ আক্ৰমনৰ বলি হোৱা ঘটনা সম্পৰ্কত মন্ত্ৰী বিমল বৰাৰ মন্তব্য-'বাতৰি কৰিবলৈ যাওতে ৰকিবুল হুছেইনৰ উপস্থিতিত সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ গৰিহণা যোগ্য।
সাংবাদিকক আক্ৰমণৰ উদ্দেশ্যে এটাই যাতে সাংবাদিক ভীতি সন্ত্ৰস্তহৈ ভিতৰুৱা অঞ্চলৰ বাতৰি কৰিবলৈ নাযায়।নিৰ্বাচনত বিজয়ী হবলৈ কংগ্ৰেছে বহু ব্লুপ্ৰিন্ট কৰিছে। আক্ৰমণ,গুলীচালনা,সাংবাদিককক আক্ৰমণৰ জৰিয়তে দীৰ্ঘদিনৰ যি পৰিকল্পনা সেইটোক কাৰ্যকৰী কৰিব বিচাৰিছে।' বিধায়ক ৰূপক শৰ্মাই কয় যে-' দিপ্লুৰঞ্জন শৰ্মা বৃহৎ ভোটত জয়ী হব।সেয়ে সাংসদ ৰকিবুল হুছেইনে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে।তেওঁ বিজেপি কৰ্মী আৰু সাংবাদিকক চামগুৰি সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰি কূট কৌশলৰে নিৰ্বাচন জয়ী হব বিচাৰিছে।কিন্তু ৰাইজ সজাগ।'
সাংবাদিক আক্ৰমণৰ ঘটনা সম্পৰ্কত বিধায়ক ৰূপক শৰ্মাই কয় যে-'কংগ্ৰেছৰ বিপক্ষে বাতৰি কৰা,নিৰপেক্ষ বাতৰি কৰা সাংবাদিকক তেওঁ বাচি লৈছে।সাংসদ ৰকিবুল হুছেইনৰ প্ৰৰোচনাতে নিৰপেক্ষভাবে বাতৰি কৰা সাংবাদিকক আক্ৰমণ কৰা হৈছে।এইয়া সুস্থ গণতন্ত্ৰৰ পৰিচয় নহয়।এনে কাৰ্য গৰিহণা যোগ্য।'
আনহাতে, কংগ্ৰেছৰ ছয়জনীয়া এটা বিধায়কৰ দলে চামগুৰিত বিজেপিৰ একাংশ উদণ্ড তথা অস্ত্ৰধাৰী লোকে কংগ্ৰেছী নেতা-কৰ্মীৰ ওপৰত অহৰহ আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ বাবে আৰক্ষীৰ বিৰুদ্ধে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নিয়োগ কৰা আৰক্ষীৰ নিৰ্বাচনী পৰ্যবেক্ষকক এক লিখিত অভিযোগ দাখিল কৰে।
কংগ্ৰেছৰ বিধায়ক ক্ৰমে ৱাজেদ আলী চৌধুৰী, দিগন্ত বৰ্মন, আলতাফ উদ্দিন মোল্লা, শিবামনি বৰা, নুৰুল হুদা, ডাঃ আছিফ নছৰ আৰু নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই স্বাক্ষৰ কৰা স্মাৰক পত্ৰখনৰ জৰিয়তে নগাঁও জিলা আৰক্ষী অধীক্ষক, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
উল্লেখিত আৰক্ষী বিষয়া সকলে বিজেপি কৰ্মী সকলে চামগুৰি সমষ্টিত কৰি অহা বেআইনী কাম-কাজৰ বিৰুদ্ধে দেখি শুনিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগৰ কথা স্পষ্ট ভাবে স্মাৰক পত্ৰখনত উল্লেখ কৰিছে। এই স্মাৰক পত্ৰৰ প্ৰতিলিপি চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ সাধাৰণ নিৰ্বাচনী পৰ্যবেক্ষকৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নিৰ্বাচনী আয়োগলৈ প্ৰেৰণ কৰিছে।