ডিজিটেল সংবাদ, শিলচৰঃ বঙাইগাৱৰ পিচত এইবাৰ কাছাৰত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত। প্ৰাৰ্থীত্ব নাপাই বিজেপি ত্যাগ কৰিছে অমিয় কান্তি দাসে। অমিয় কান্তি দাস ধলাই উপ নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল।
কাছাৰ জিলা বিজেপিৰ উপ সভাপতি পদৰ পৰা পদত্যাগ অমিয় কান্তি দাসৰ। বিজেপিৰ সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ দাসৰ। তেওঁৰ ফেচবুক একাউন্টত এই তথ্য সদৰি কৰিছে বিজেপিৰ জ্যেষ্ঠ কৰ্মী জনে।
ৰাজ্যিক বিজেপিৰ সভাপতিলৈ লিখা পত্ৰত পৰিমল শুক্লবৈদ্যৰ বাবে দলীয় টিকট নোপোৱাৰ অভিযোগ অমিয় কান্তি দাসৰ। শিলচৰ সমষ্টিৰ বাসিন্দা নিহাৰ ৰঞ্জন দাসক ধলাই উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব দিয়া বাবে সাংসদ শুক্লবৈদ্যৰ বিৰুদ্ধে ক্ষোভ টিকট বঞ্চিত অমিয় কান্তি দাসৰ।