কঠীয়াতলীত দুই শতাধিক বিজেপি কৰ্মীৰ প্ৰতিবাদ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গোলাঘাটত একাংশ কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে কঠীয়াতলীত বিজেপি নেতা-কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল সংবাদ,কামপুৰঃ মঙলবাৰে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ কঠীয়াতলীতো বিজেপিৰ কলিয়াবৰ জিলাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গোলাঘাটত একাংশ কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে কঠীয়াতলীত বিজেপি নেতা-কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

প্ৰতিবাদীসকলে কংগ্ৰেছ গ বেক, কংগ্ৰেছ লেই- লেই চেই - চেই, বিজেপি জিন্দাবাদ; হিমন্তু বিশ্ব শৰ্মা  জিন্দাবাদ, জিতু গোস্বামী জিন্দাবাদ আদি ধ্বনিৰে সাব্যস্ত কৰে প্ৰতিবাদ। এই প্ৰতিবাদত কলিয়াবৰ বিজিপিৰ সভাপতি বাবুল বৰাকে ধৰি দুই শতাধিক বিজেপি কৰ্মীয়ে অংশ লয়।

assam congress congres assam bjp bjp