মন্দিৰলৈ ওলাই যোৱা ছোৱালীজনী উভতি নাহিল! কাপোৰেৰে বান্ধি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ...

মন্দিৰলৈ ওলাই যোৱা ছোৱালীজনী উভতি নাহিল! কাপোৰেৰে বান্ধি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
মন্দিৰলৈ ওলাই যোৱা ছোৱালীজনী উভতি নাহিল! কাপোৰেৰে বান্ধি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ...

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলবাৰে ৰাতিপুৱা মঙলদৈ নিকটৱৰ্তী বৰ আঠিয়াবাৰী গাঁৱত যুৱতীৰ এক মৃতদেহ উদ্ধাৰ হোৱা কায্যই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলদৈৰ নিকটৱৰ্তী বৰ আঠিয়াবাৰী গাঁৱৰ গোবিন্দ ডেকাৰ একমাত্ৰ ১৯ বছৰীয়া কন্যা কৃষ্ণা মনি ডেকা সোমবাৰে মন্দিৰ দৰ্শন কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল।

ঘৰৰপৰা ওলাই যোৱাৰ পিছতেই কৃষ্ণাৰ মোবাইল ফোন বন্ধ পাইছিল মাক দেউতাকে। মাক দেউতাকে যোৱা কালি কৃষ্ণাৰ ওচৰ চুবুৰীয়া ,লগ বন্ধুৰ আগত খবৰ কৰিছিল যদিও একো সম্ভেদ পোৱা নাছিল।

মঙলবাৰে ৰাতিপুৱাই বৰ আঠিয়াবাৰী গাঁওৰ স্থানীয় ৰাইজে পথৰ দাঁতিত এটি কাপোৰেৰে মেৰিয়াই বান্ধি থোৱা টোপোলা দেখা পায় ।স্থানীয় ৰাইজে সন্দেহ কৰি ততালিকে মঙলদৈ সদৰ আৰক্ষীক খবৰ কৰে।

আৰক্ষী উপস্থিত হোৱাৰ পাছতেই টোপোলা খোলাৰ পিছত ওলাই পৰে এটি যুৱতীৰ মৃতদেহ। পিছত যুৱতীৰ মৃতদেহটো সোমবাৰৰ পৰা অন্তৰ্ধান হৈ থকা কৃষ্ণা মনি ডেকা বুলি চিনাক্ত হয়। ইতিমধ্যে মৃত দেহটো মঙলদৈ আৰক্ষীয়ে আনি মঙলদৈ অসামৰিক চিকিৎসালয়ত ৰাখিছে। কেনেকৈ এনে ঘটনা সংঘটিত হ'ল তদন্তৰ পাছতহে পোহৰলৈ আহিব।

Also Read: কোন দেশত কি মাংস প্ৰিয়ঃ জাৰ্মানী- ছুইজাৰলেণ্ডত গাহৰি, পাকিস্তানত গৰু, আমেৰিকা আৰু কানাডাত মুৰ্গীৰ মাংস...

মঙলদৈ