বোকাজানত গুলীচালনা: বন বিভাগৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ...

বোকাজানত গুলীচালনা: বন বিভাগৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ...
Published on
Updated on

ডিজিটেল সংবাদ, বোকাজানঃ শনিবাৰে নিশা বোকাজানৰ চাফাপানীত গুলিচালনাৰ ঘটনা সংঘটিত হৈছে। চোৰাং কাঠ সৰবৰাহৰ খবৰৰ ভিত্তিত বৰপথাৰ থানাৰ অন্তৰ্গত চাফাপানীত বন বিভাগে চলোৱা অভিযানত চোৰাং কাঠ সৰবৰাহকাৰীৰ দলটোৱে বন বিভাগৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰোঁতেই শূন্যলৈ গুলী কৰে বন বিভাগে।

গুলীৰ শব্দ শুনাৰ পিছতেই গাঁৱৰ ৰাইজৰ ৰোষত পৰে বন বিভাগৰ দলটো। গাঁৱৰ ৰাইজৰ সৈতে হতাহতি হোৱাৰো অভিযোগ তুলিছে চাফাপানি গাঁৱৰ ৰাইজে। বীট অফিচাৰ মনালিছা বৰাৰ বিৰুদ্ধে গাঁৱৰ এগৰাকী মহিলাক প্ৰাণে মৰাৰ চেষ্টা কৰিছে বুলিও অভিযোগ তুলিছে ।

তাৰ পিছতেই বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি মনালিছা বৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে একাংশ গাঁৱৰ ৰাইজে। ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীত মহকুমা আৰক্ষী বিষয়া ৰুষ্টম ৰাজ ব্ৰহ্মই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। আৰক্ষীৰ তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।

বোকাজানত গুলীচালনা: বন বিভাগৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ...
নলবাৰীত আৰক্ষীৰ গুলীচালনা: আহত মুকালমুৱাৰ ডকাইটি কাণ্ডৰ লগত জড়িত হামিদ আলী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in