বংকোৱালৰ চিগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী ৰণোজ পেগুৰ

বংকোৱালৰ চিগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী ৰণোজ পেগুৰ
Published on
Updated on

ডিজিটেল সংবাদ,বোকাখাতঃ বিপদে লগ এৰা নাই গোলাঘাটৰ অন্তৰ্গত বংকোৱালক। বাঢ়নী পানীৰ ফলত বিপৰ্যয় নামি আহিছে মিছিং অধ্যুষিত অঞ্চলটোলৈ।শনিবাৰে গোলাঘাটৰ বংকোৱালৰ চিগা মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী ৰণোজ পেগুৱে।

চিগা মথাউৰিৰ পুণৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে যদিও এতিয়াও সন্তুষ্ট নহয় বান বিধ্বস্ত ৰাইজ। ১১ দিনৰ পিছতহে মন্ত্ৰীয়ে বন্যাৰ্তৰ খবৰ লোৱা বুলি ক্ষোভ উজাৰে ৰাইজে। লগতে চিগা মথাউৰিৰ পুণৰ নিৰ্মাণ নোহোৱালৈকে বিকল্প যাতায়তৰ দাবী কৰে ।

উল্লেখ্য যে, বংকোৱালৰ চিগা মথাউৰি পৰিদৰ্শনকালত বিকল্প যাতায়তৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু বিপৰ্যয়ৰ ১১ দিনৰ পাছতো নিৰ্মাণ নহ'ল বিকল্প যাতায়তৰ।ব‍ংকোৱালত বৰ্তমান হাহাকাৰ বিশুদ্ধ খোৱাপানীৰ।পোহনীয়া পশুৰ খাদ্যৰ চৰম অভাৱ বংকোৱালত,‌ পৰ্যাপ্ত পশুখাদ্য নথকা বুলি জানিবলৈ দিয়ে বন্যাৰ্তই।

এনে পৰিস্থিতিত মথাউৰি পুণৰ নিৰ্মাণত কি বিজ্ঞান সন্মত কাৰিকৰী পন্থা ব্যৱহাৰ হ'ব বুলি প্ৰশ্ন কৰা লগতে ইয়াৰ ব্যয় ৰাজহুৱা কৰিবলৈ দাবী জনাই জীপাল কৃষক শ্ৰমিক সংঘই।

বংকোৱালৰ চিগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী ৰণোজ পেগুৰ
অসম ৰাইফলছৰ অভিযানত নাগালেণ্ডত ৭.৯৬ কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ: আটক ৩

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in