ডিজিটেল সংবাদ,বকোঃ অসম চৰকাৰে বুজাবুজিৰ চুক্তিৰে লাম্পিৰ ভূমি এৰি দিবলৈ ওলোৱা সিদ্ধান্তৰ বিৰুদ্ধে শনিবাৰে লাম্পি বাসীয়ে কোনো কাৰণতে এনে সিদ্ধান্ত মানি নলয় বুলি তীব্ৰ হুংকাৰ দিয়ে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ ৭ গৰাকী বিধায়কৰ কংগ্ৰেছৰ দল এটাই শণিবাৰে বকোৰ সীমান্তৱৰ্তী এলেকা লাম্পিত উপস্থিতি হৈ লাম্পি বাসীৰ সৈতে মতবিনিময় কৰা সভা এখনত লাম্পি বাসীয়ে এনেদৰে হুংকাৰ দিয়ে ।
বিকাশ চেত্ৰী নামৰ লাম্পিৰ যুৱক এগৰাকীয়ে ' দেশতকৈ মোমাই ডাঙৰ নহয় ' - বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক একপ্ৰকাৰ তীব্ৰ সকিয়ানী দিয়ে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন,বিধায়িকা নন্দিতা দাস, বিধায়ক নুৰুল হুদা,ৰাণা গোস্বামী, যাদৱ স্বৰ্গীয়াৰী, ৱাজেদ আলী চৌধুৰীকে ধৰি কংগ্ৰেছী দলটোৱে সমগ্ৰ লাম্পি এলেকাটো পৰিভ্ৰমণ কৰি ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লয় ।
লাম্পিৰ আপাৰ লাম্পিত কংগ্ৰেছী দলটোক মৌলানাৰ পৰা ১৯৮৫ ইং চনত তদানীন্তন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত সীমান্ত পহৰা চকী উঠাই নিয়াৰ পিচৰে পৰা মেঘালয়ে আগ্ৰাসন চলোৱাৰ সুযোগ পাইছে বুলি লাম্পি বাসীয়ে জানিবলৈ দিয়ে ।
তেতিয়াৰে পৰা অসমৰ ভূমিত মেঘালয়ে আৰক্ষীৰ ছাউনী পতাৰ সুযোগো পাইছে বুলি কয় । লাম্পিৰ ৰাণীৰ পৰা আপাৰ লাম্পিলৈ থকা পথ নিৰ্মাণত মেঘালয়ে বাধা দিয়াৰ বাবে আজিলৈকে পথটো নিৰ্মাণ নোহোৱা বুলি দলটোক জনায় । চৰকাৰী ঘৰকে ধৰি বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ন কৰাত লাম্পিত মেঘালয়ৰ লোকে সময়ে সময়ে বাধা দিয়াৰ কথাও একাংশ পঞ্চায়ত পৰ্যায়ৰ প্ৰতিনিধিয়ে কংগ্ৰেছী দলটোক জানিবলৈ দিয়ে ।
দলটোৱে লাম্পিৰ মাকৈবাৰী পৰিদৰ্শন কৰি সেই ঠাইত অৰ্ধনিৰ্মিত হৈ থকা অঙ্গনৱাড়ী কেন্দ্ৰ আৰু বৃন্দাবন প্ৰথমিক বিদ্যালয়খন প্ৰাদেশীকৃত নোহোৱা বুলি জনোৱাত কংগ্ৰেছী দলটোৱে গভীৰ উদ্বেগ প্ৰকাশ কৰে । ইয়াৰ পিচত দলটোৱে আহি ল'ৱাৰ লাম্পিৰ গোৰ্খা ক্লাৱত লাম্পিৰ ৰাইজৰ সৈতে মতবিনিময় কৰে ।
মতবিনিময় অনুষ্ঠানত লাম্পিৰ বিভিন্ন লোকে লাম্পিৰ এক ইঞ্চি মাটিও মেঘালয়ক এৰি দিবলৈ প্ৰস্তুত নহয় বুলি হুংকাৰ দিয়ে। লাম্পিৰ চোমাৰাং আদি বিভিন্ন গাঁৱত বিদ্যুৎ সংযোগ নথকাৰ উপৰিও পানীৰ সু-ব্যৱস্থা নাই বুলি জনায় । মতবিনিময় অনুষ্ঠানত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লাম্পিৰ ৰাইজে কোনো কাৰণতে লাম্পিৰ এক ইঞ্চি মাটি মেঘালয়ক এৰি দিবলৈ প্ৰস্তুত নহয় সেই কথা বিধান সভাত উত্থাপন কৰিব বুলি লাম্পি বাসীক আশ্বাস দিয়ে ।
উপ-দলপতি ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ শাসন কালত শিক্ষামন্ত্ৰীৰ উপৰিও বৰ্তমানে মুখ্যমন্ত্ৰী হৈ থকাৰ পিচতো লাম্পিত এখনো অসমীয়া মাধ্যমৰ বিদ্যালয় নথকাৰ লগতে লাম্পিৰ পৰা ৩০ কিলোমিটাৰ দূৰৈৰ বকোৰ হাইস্কুলত ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব আহিব লগীয়া হোৱা বিষয়তো অতি দুৰ্ভাগ্যজনক বুলি ভাষণত উল্লেখ কৰে।
ইয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক জগৰীয়া কৰি চোকা ভাষাৰে সমালোচনা কৰে । বিধায়ক ৰাণা গোস্বামীয়ে লাম্পিক বিবাদমান এলেকা বুলি অভিহিত নকৰিবলৈ সংবাদ মাধ্যমক আনুৰোধ জনায় । কাৰণ লাম্পি কোনো দিনে মেঘালয়ৰ নাছিল আৰু কেতিয়াও লাম্পি বাসীয়ে মেঘালয়ত চামিল নহয় বুলি তেওঁ ষ্পষ্ট কৰি দিয়ে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহক সন্তুষ্ট কৰিবলৈ আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে বন্ধুত্ব জীয়াই ৰাখিবলৈকেহে লাম্পিৰ মাটি এৰি দিবলৈ ওলাইছে বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে । একেদৰে বকোৰ বিধায়িকা নন্দিতা দাসেও মেঘালয়ক মাটি এৰি দিয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে গৰজি উঠি চিৰদিন লাম্পিবাসীৰ লগত একেলগে থিয় দিব বুলি সভাত আশ্বাস দিয়ে।