ডিজিটেল ডেস্কঃ ভাৰতৰ আকাশী পথেৰে উৰা মৰা এখন ইৰানৰ বিমানত অথন্তৰ। বিমানখনত সৃষ্টি হৈছে বোমাতংক। জানিব পৰা মতে বিমানখনত বোমাৰ উপস্থিতি ধৰা পৰিছে।
যাৰ বাবে ভাৰতৰ দিল্লী অথবা জয়পুৰত বিমানখন অৱতৰণৰ অনুমতি বিচাৰিছে। অৱশ্যে ভাৰত চৰকাৰে বিমানখনক সেই অনুমতি প্ৰদান কৰা নাই।
সূত্ৰ অনুসৰি দিল্লীৰ নিৰাপত্তা সংস্থাসমূহে বিমানখনক দিল্লীত অৱতৰণৰ অনুমতি দিয়াৰ পৰা বিৰত থাকে। ফলস্বৰূপে এই বিমানখন চীন অভিমুখে গতি কৰিছে।
আনহাতে বিমানখনৰ গতিবিধি লক্ষ্য কৰিবলৈ আৰু ভাৰতৰ নিৰাপত্তাৰ বাবে ভাৰতীয় বায়ুসেনাই ইৰানী বিমানখন নিৰীক্ষণ কৰিবলৈ চুখই যুঁজাৰু বিমান মোতায়েন কৰিছে। পঞ্জাৱ আৰু যোধপুৰস্থিত এয়াৰবেচৰ পৰা এই বিমান কেইখন উৰা মাৰিছে।