"সপোন মালিতা -শৈশৱ কৈশোৰৰ" গ্ৰন্থ উন্মোচন

ৰূপজ্যোতি সংঘ"ৰ বাকৰিত ডোৰা-কহৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী দুৰ্গামণি বৰগোহাঁইৰ দ্বাৰা সম্পাদিত গ্ৰন্থ "সপোন মালিতা -শৈশৱ কৈশোৰৰ"শুভ উন্মোচন কৰা হয়...

author-image
Asomiya Pratidin
New Update
গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰে কামৰূপ জিলাৰ চাংসাৰিৰ ভিতৰখোলা কলিতাচুবাৰ "ৰূপজ্যোতি সংঘ"ৰ বাকৰিত ডোৰা-কহৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী তথা বিশিষ্টা লেখিকা দুৰ্গামণি বৰগোহাঁইৰ দ্বাৰা সম্পাদিত গ্ৰন্থ "সপোন মালিতা -শৈশৱ কৈশোৰৰ" শুভ উন্মোচন কৰা হয়। ৰমেশ চন্দ্ৰ বড়া আৰু লিচুমাই বড়া ন্যাসৰ উদ্যোগত গ্ৰাম্য পৰিৱেশৰ মাজত আড়ম্বৰপূৰ্ণ পৰিবেশৰ‌ মাজত‌ অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে ন্যাসৰ সভাপতি বিনতা বৰুৱাই ।

ভাৰত স্কাউটছ্ এণ্ড গাইডৰ প্ৰাৰ্থনা সংগীতেৰে আৰম্ভ কৰা সভাৰ আদিতে মাধ্যমিক শিক্ষা বিভাগ, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক তথা গৱেষিকা ড০ অসমী গগৈয়ে কয়- 'আজিকালিৰ একাংশ মানুহৰ মন-মগজুবোৰ বৰ ঠুনুকা হৈছে ।

পিতৃ -মাতৃৰ প্ৰতি শ্ৰদ্ধা নোহোৱা হৈ পৰিছে। শিক্ষাগুৰুৰ প্ৰতি নাইকীয়া হ'ল শ্ৰদ্ধা -ভক্তি। সমাজখন শৃংখলিত কৰিবৰ বাবে সাহিত্যিক,‌ শিল্পীসকল আগবাঢ়ি আহিব লাগে।"

গ্ৰন্থ উন্মোচন কৰি কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড০ নৃপেন্দ্ৰনাথ তালুকদাৰে কয়- 'সপোন দেখিব লাগে। সপোন পূৰ কৰিবৰ বাবে অহৰহ প্ৰয়াস কৰিব লাগে। এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক সৰহ দিশত আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে।'

সভাৰ মুখ্য অতিথি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা সাংবাদিক, কবি দীপক শৰ্মাই কয়- "আজিৰ একবিংশ শতিকাৰ মানৱৰ চিন্তা বৰ থৰক-বৰক। জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামীয়ে অসমক লৈ যি চিন্তা কৰিছিল, সেই চিন্তা -চেতনাৰ মানুহৰ অভাৱ। আজিকালি সকলোৱে মন্ত্ৰী হোৱাৰ সপোন দেখে।

সৰ্বদিশতে এলান্ধুৱে আৱৰি ধৰিছে। সমন্বয় -সংহতিৰ অভাৱ ঘটিছে। আমি একতাৰ এনাজৰী ডাল নিকপকপীয়া কৰিবৰ বাবে সংঘবদ্ধ হ'ব লাগিব।"

সভাত বিশিষ্ট কবি, সাহিত্যিক ৰক্তিমা‌ ডেকা বৰুৱা, বিশিষ্ট লেখক তথা সাহিত্য সংগঠক বীৰেন্দ্ৰ কুমাৰ, প্ৰাক্তন ভাৰতীয় সেনা অৰবিন্দ চন্দ্ৰ ডেকা, লেখিকা বিনুমা চৌধুৰী, কমলপুৰ মণ্ডল বিজেপিৰ উপ -সভাপতি পংকজ কাকতিয়ে বিশিষ্ট অতিথি হিচাপে অংশ লৈ দুৰ্গামণি বৰগোহাঁইৰ অনুপম সৃষ্টিৰাজি তথা বৰ্তমান সময়ৰ সাহিত্য সংগঠন, সমাজ ব্যৱস্থাৰ ওপৰত আলোকপাত কৰে।

সভাত ৰূপজ্যোতি সংঘৰ সম্পাদক কমল কিশোৰ ডেকা, হৰিচন্দ্ৰ কলিতাই সমজুৱাৰ পৰা বক্তব্য দাঙি ধৰা সভাত ছাত্ৰী আস্থাজ্যোতি ডেকাই বিষ্ণু প্ৰসাদ ৰাভাৰ গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে। ডা: দণ্ডেশ্বৰ ডেকাই আঁত ধৰা অনুষ্ঠানত গ্ৰন্থৰ সম্পাদক দুৰ্গামণি বৰগোহাঁইয়ে গ্ৰন্থখনিৰ আৰৰ‌ কথা কোৱাৰ লগতে দুগৰাকী ছাত্ৰই লিখা দুটি কবিতা পাঠ কৰে।

সভাৰ প্ৰাককথনতে ৰমেশ চন্দ্ৰ বড়া আৰু লিচুমাই বড়াৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ অৰ্পণ কৰে ভিতৰখোলাৰ গাওঁ প্ৰধান ফুকন চন্দ্ৰ কুমাৰ আৰু কলিতাচুবা ৰাইজ গয়ৰহৰ সভাপতি ৰমণীকান্ত ডেকাই। সভাত ডোৰা-কহৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভালেসংখ্যক প্ৰাক্তন ছাত্ৰ -ছাত্ৰী, সাহিত্যানুৰাগী লোক উপস্থিত থাকে ।

গ্ৰন্থ উন্মোচনী সভা