ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ সাহিত্য কাননৰ উদ্যোগত শনিবাৰে এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। হাটবৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত সভাখনি সঞ্চালনা কৰে বিপুল ভট্টাচাৰ্যই ।
সভাত লেখিকা ৰাণুমণি বৰাৰ তৃতীয়খন কবিতা সংকলন 'জীপাল হৃদয়' উন্মোচন কৰে। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি, সাহিত্যিক ডা০ হেমন্ত কুমাৰ গোস্বামীয়ে। উন্মোচনী ভাষণ প্ৰসংগত তেওঁ নতুন প্ৰজন্মৰ লেখক লেখিকা সকলৰ উৎসাহৰ শলাগ লয়।
সভাত অংশগ্ৰহণ কৰে প্ৰাক্তন অধ্যাপক তথা কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণীন হাজৰিকা, শিশু সাহিত্যিক নিৰুপমা বৰুৱা, ভূপেন শৰ্মা ,নবীন চন্দ্ৰ বৰঠাকুৰে।
গ্ৰন্থ উন্মোচনী সভাত ' অসমীয়া ভাষাৰ ভৱিষ্যৎ' শীৰ্ষক বক্তৃতা প্ৰদান কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ আৰতি বসুমতাৰীয়ে। সম্পাদক ৰবিৰাম শইকীয়াই আঁত ধৰা সভাত শতাধিক লোকে অংশগ্ৰহণ কৰে।